Breaking

হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেটৰ সামৰণি ! মহাৰাণা ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেন্টত ৰিভাৰ ৰাইন চেম্পিয়ন…

0 23

হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেটৰ সামৰণি ঃ মহাৰাণা ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেন্টত ৰিভাৰ ৰাইন চেম্পিয়ন

লতাশিল খেলপথাৰত সামৰণি পৰিল হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেন্টৰ । মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছিল এই ৪০ অ’ভাৰৰ টুৰ্ণামেন্টৰ । ৪ ফ্ৰেব্ৰুৱাৰী, দেওবাৰে ফাইনেলত জয়ী হৈ খিতাপ দখল কৰিলে ৰিভাৰ ৰাইন ক্লাবে । ২১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰথম বাৰলৈ আয়োজন কৰা এই প্ৰতিযোগিতাৰ ১৪ টা দলৰ ভিতৰত ফাইনেলত প্ৰৱেশ কৰে ৰিভাৰ ৰাইন আৰু ৰয়েল ক্ৰিকেট একাডেমীয়ে । ফাইনেলত ৰিভাৰ ৰাইন ক্লাবে ৰয়েল ক্ৰিকেট একাডেমীক ১০৬ ৰাণত পৰাস্ত কৰে । ৰিভাৰ ৰাইনে ৪০ অভাৰত ৭ উইকেটত কৰা ২৫৭ ৰাণৰ প্ৰত্যুত্তৰত ৰয়েলে ৩২.২ অভাৰত ১৫১ ৰাণতে ইনিংছ সামৰে । বিজয়ী দলৰ অঞ্চলত দাসে সৰ্বাধিক ৫৫ আৰু অধিনায়ক মৃন্ময় দাসে ৪২ ৰাণ কৰে ।

এই দলৰে বলাৰ ভাস্বত অধিকাৰীয়ে ৫ টা উইকেট দখল কৰে । চেম্পিয়ন দল ৰিভাৰ ৰাইনে ট্ৰফীসহ ৩০ হেজাৰ টকা আৰু ফাইনেলিষ্ট ৰয়েলে ট্ৰফীসহ ২০ হেজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে । ফিল্ডিঙত ৰয়েলৰ কুশল ঠাকুৰ, উইকেট কীপিঙত ৰিভাৰ ৰাইনৰ নিহাল বৈশ্য, বলিঙত ৰয়েলৰ অমন পাণ্ডে, বেটিঙত ৰিভাৰ ৰাইনৰ মৃন্ময় দাসক শ্ৰেষ্ঠ বঁটাৰে পুৰস্কৃত কৰা হয় । টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মহাৰাণাৰ অৰ্থব্য আখাড়ে । বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰিমল ভট্ৰ, শংকৰ দত্ত লহকৰ, মুকুট দাস, প্ৰণৱ শৰ্মা, জি এছ এৰ ক্ৰিকেট সম্পাদক নাছিৰ গুল খান ,

বঙাইগাঁওৰ আৰক্ষী অধীক্ষক ফকৰুল ইছলাম , চিকিৎসক এইছ বি মেধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি । প্ৰতিযোগিতাখনৰ সামৰণিত মহাৰাণা এথলেটিক ক্লাবৰ উপ সভাপতি তথা শ্বেইখ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী শ্বেইখ আলতাফ হুছেইনে এনে ধৰণৰ প্ৰতিযোগিতা প্ৰতি বছৰতে আয়োজন কৰা হ’ব বুলি মন্তব্য কৰিছে । মুখ্য অতিথি বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াই ১৪ বছৰ অনূৰ্ধ্ব খেলুৱৈসকলৰ ৪০ অ’ভাৰৰ এনে প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আয়োজকক ধন্যবাদ জনায় ।

Leave A Reply