Breaking

হাজোত গুলীবিদ্ধ ২ দুর্ধর্ষ ডকাইত

0 533

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তর্গত চকামতলীত বুধবাৰে পুৱতিনিশা সংঘটিত এক গুলীচালনাৰ ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ এই গুলীত গুৰুতৰভাৱে আহত হয় দুজন দুর্ধর্ষ ডকাইত৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দুর্ধর্ষ ডকাইত দুজন হৈছে হাজো আৰক্ষী থানাৰ অন্তর্গত শনিয়াদি মেলেকীপাৰাৰ জাকিৰ আলী আৰু হাবলাখা গাঁৱৰ ফজল হক৷ আৰক্ষী সূত্রে জানিব পৰা মতে, দুর্ধর্ষ ডকাইত জাকিৰ আলী আৰু ফজল হকে ৰাজ্যৰ ভিন্ন প্রান্তৰ গৰু চুৰি, এ টি এম চুৰি, বেংক ডকাইতিৰ নিচিনা অপৰাধৰ সৈতে জডিত হৈ এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল৷

ইতিমধ্যে ধৃত এই দুটা ডকাইতৰ বিৰুদ্ধে হাজোৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছিল যদিও আৰক্ষীয়ে ডকাইত দুজনক গ্রেপ্তাৰ কৰিব পৰা নাছিল৷ এক দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত আজি পুৱতিনিশা কামৰূপ জিলাৰ শীর্ষ আৰক্ষী বিষয়া আৰু হাজো আৰক্ষী তথা অর্ধসামৰিক বাহিনীৰ জোৱানৰ সহযোগত এক গোপন সূত্রৰ পম খেদি হাজো আৰক্ষী থানাৰ অন্তর্গত মেলকীপাৰাৰ পৰা জাকিৰ আলী আৰু হাবলাখাৰ পৰা ফজল হকক গ্রেপ্তাৰ আৰু ডকাইত দুজনক লগত লৈ পুনৰ আন এজন ডকাইতৰ সন্ধানত ৰামদিয়ালৈ ৰাওনা হয়৷

তেনে সময়তে হাজোৰ চকামতলী নামৰ ঠাইখন পোৱাৰ লগে লগে দুর্ধর্ষ ডকাইত দুজনে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে৷ তেনে সময়তে আৰক্ষীয়ে গুলী কৰাত গুৰুতৰভাৱে আহত হয় দুয়োজন ডকাইত৷ পাছত গুৰুতৰভাৱে আহত দুই ডকাইতক আৰক্ষীয়ে হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভর্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ সম্প্রতি দুয়ো জি এম চি এইচত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷

Leave A Reply