Breaking

হাজোৰ ভাস্বতী মহন্তই জিনিলে দুটাকৈ সোণৰ পদক। নেপালত অনুষ্ঠিত মেয়ৰ কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতত ১০টা সোণসহ অসম দলৰ ৩৫ টা পদক অৰ্জন…

0 61

নেপালৰ কাকৰভিঠাত ২৭ মেʼৰ পৰা ৩০ মেʼলৈ অনুষ্ঠিত আমন্ত্ৰণমূলক মেয়ৰ কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ইউনিৰ্ভাচেল কাৰাটে ডো ফেডাৰেশ্যনৰ অসমৰ ২৯ গৰাকী খেলুৱৈয়ে ১০সোণ, ৯টা ৰূপ আৰু ১৮ টা ব্ৰঞ্জসহ মুঠ ৩৫ টা পদক অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে। হাজো বৰদধিৰ ভাস্বতী মহন্তই মহিলাৰ কাটা আৰু কুমিটে ব্যক্তিগত শাখাত দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে হিমাংশু ৰাজ পাটোৱাৰী, ধ্ৰুৱজ্যোতি দাস, মনিষা দাস, হৃদয় জ্যোতি দাস, দিশা ডেকা, তনয় দাস, ধৃতিষ্মান দাস, মৃণ্ময় পাঠকে এটাকৈ সোণৰ পদক অৰ্জন কৰে। অসম দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল চতুৰ্থ ডিগ্ৰী ব্লেক বেল্ট ছেনচেই মণ্টু ওজা আৰু মেনেজাৰৰ দায়িত্বত আছে মনীষ ৰাজ পাটোৱাৰী।

পদক বিজয়ী খেলুৱৈ কেইগৰাকীক ইউনিৰ্ভাচেল কাৰাটে ডো ফেডাৰেশ্যন মুৰব্বী ছেনচেই দিপাংকৰ মজুমদাৰ, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, হাজো সাংবাদিক সন্থাৰ সভাপতি তথা দমদমা কাৰাটে একাডেমীৰ সভাপতি গোবিন্দ দাস, হাজো ক্ৰীড়া সন্থাৰ লগতে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে নেপালত অনুষ্ঠিত প্ৰতিযোগিতাখনিত আয়োজক নেপাল, ভাৰত, বাংলাদেশ, ভূটান, শ্ৰীলংকা, পাকিস্তান আৰু আফগানিস্তানৰ মুঠ আঠশ খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

Leave A Reply