Breaking

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব

0 1,617

শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।দলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে কিন্তু কিয় ?সামাজিক মাধ্যমত খলকনি লগোৱা প’ষ্টটত বিভ্ৰান্ত নহ’বলৈ আহ্বান দল উন্নয়ন সমিতিৰ ফিৰোজ খান ১০ এপ্ৰিল শিৱসাগৰ। শিৱসাগৰ বুলি ক’লেই আমাৰ মানস পটত জিলিকি উঠা ঐতিহাসিক শিৱ মন্দিৰ উজ্বলি উঠে । আহোমৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰাইছিল তিনিটা দ’ল।মাজত সুউচ্চ সোণৰ কলচি খচিত শিৱ দ’ল নিৰ্মাণ কৰি দুয়োকাষে নিৰ্মাণ কৰাইছিল আন দুটা দ’ল ক্ৰমে দেৱী দ’ল আৰু বিষ্ণু দ’ল।এই দ’ল তিনিটাক কেন্দ্ৰ কৰি প্ৰতি বছৰে ভিন ভিন সময়ত ভক্ত ৰাইজৰ লগতে পৰ্যটকৰ আগমণ ঘটি আহিছে। তাহানিৰ দিনৰে পৰা শিৱক সেৱা পূজা অৰ্চনা কৰি অহা হৈছে। বছৰৰ মাথোন চাৰিটা দিনৰ বাহিৰে সকলো সময়তে পুৱা গধূলি সেৱা পূজা অৰ্চনা কৰি অহা হৈছে দেৱাদি দেৱ মহাদেৱৰ । এই চাৰিটা দিন হৈছে প্ৰতি বছৰে অসমীয়া আহাৰ মাহৰ ৭ তাৰিখে আৰম্ভ হোৱা অম্বুবাচী প্ৰবৃতিৰ পৰা অম্বুবাচী নিবৃত্তিলৈ । অসমীয়াৰ আবেগ অনুভূতি জৰিত হৈ থকা শিৱ দলত শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লৰ গৰ্ভগৃহত হাতুৰীৰ কোব ।উঠাই দিয়া হ’ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলীক মূৰ্তি।


দলৰ গৰ্ভভাগৰ মজিয়া চুৰ্ণ বিচুৰ্ণ কৈ ভাঙি দিয়া হৈছে ।কিন্তু কিয় ? শিৱসাগৰ নগৰক হেৰিটেজ চাইট হিচাপে ঘোষণা কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে । যাৰ বাবে বিভিন্ন সময়ত ভক্ত প্ৰাণ ৰাইজে দ’ললৈ উৎসৰ্গা কৰা শিৱ লিংগ,ত্ৰিশূল, ফেনা,বৃষভ ঈত্যাদি উঘালি বাহিৰ কৰি দিয়া হৈছে দলৰ গৰ্ভগৃহৰ পৰা । আহোম ৰজাই প্ৰতিষ্ঠা কৰি যোৱা কেৱল মাত্ৰ কুণ্ডভাগ হে ৰখা হ’ব দলৰ ভিতৰত । সমান্তৰাল ভাৱে সকলো টাইল্স ভাঙি পুনৰ এবাৰ আহোম ৰজাই নিৰ্মাণ কৰি মূল সুঁতিলৈ ঘূৰি যোৱাৰ প্ৰয়াস কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ । কিছুদিন পূৰ্বে শিৱদলত উপস্থিত হৈ ষ্টেট ইনোভেচন এণ্ড ট্ৰেন্সফৰ্মেচন আয়োগ চমুকৈ SITA ৰ সহ-উপাধ্যক্ষ ৰমেন ডেকাই এই সন্দৰ্ভত সদৰি কৰি গৈছিল উক্ত বিষয়টো।

প্ৰাকৃতিক দুৰ্যোগৰ পৰা হাত সাৰি থাকিব পৰাকৈ তাহানিৰ দিনতে নিৰ্মাণ দল জনাত থলুৱা উপাদান যেনে হাঁহ কণী,বড়া চাউল,মাটি মাহ ইত্যাদিৰ যি গুণাগুণ সেইয়া এতিয়াও অক্ষুন্ন ৰখাৰ প্ৰয়াস । আধুনিকতাৰ প্ৰলেপ সানি চিমেন্ট তথা অন্যান্য ৰাসায়নিক পদাৰ্থৰ বাবে যাতে দলৰ আয়ুস ৰেখাত ব্যাঘাত নজন্মে আৰু কোনো ধৰণৰ আঘাত নহয় এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ লোৱা হৈছে এই পদক্ষেপ বুলি জানিবলৈ দিছে দল উন্নয়ন সমিতিৰ সম্পাদক বসন্ত গগৈয়ে ।

Leave A Reply