বিশ্বৰ বাবে আহিছে এক নতুন বিপদ৷ বিলাসী ক্ৰুজ জাহাজ ‘এম ভি হোণ্ডিয়াছ’ত শেহতীয়াকৈ সেই বিপদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দেওবাৰৰ পৰা আফ্ৰিকাৰ কেপ ভাৰ্ডে উপকূলৰ সমীপত সাগৰৰ মাজত আবদ্ধ হৈ থকা জাহাজখন অৱশেষত বুধবাৰে স্পেইনৰ টেনেৰিফলৈ ৰাওনা হয়৷ হাণ্টাভাইৰাছে থিতাপি লয় জাহাজখনত৷ ৰ এপ্ৰিলত আৰ্জেণ্টিনাৰ দক্ষিণ প্ৰান্তৰ পৰা যাত্ৰা আৰম্ভ কৰা ক্ৰুজ জাহাজখনত প্ৰায় ১৫০ জন যাত্ৰী আছিল, কিন্তু মাজপথতে আক্ৰমণ চলালে এই ৰহস্যজনক ভাইৰাছে৷ কেইবাজনো নাবিকৰ মৃত্যু ঘটাৰ পিঠতে সতৰ্ক হৈছে ভাৰতকে ধৰি বিশ্বৰ বহু দেশ৷ বিশ্ব স্বাস্থ্য সংস্থাই নিশ্চিত কৰিছে যে এই সংক্ৰমণৰ বাবে এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হৈছে– য’ত আছে ডাচ দম্পতী আৰু এজন জাৰ্মান নাগৰিক৷
তদুপৰি আৰু ৮ গৰাকী যাত্ৰী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ৷ স্পেইনৰ স্বাস্থ্য মন্ত্ৰী মনিকা গাৰ্চিয়াই কয় যে অহা তিনিদিনৰ ভিতৰত জাহাজখন কেনেৰী দ্বীপপুঞ্জত উপস্থিত হ’ব৷ জাহাজখনত থকা ১৪জন স্পেনিছ নাগৰিকক পোনপটীয়াকৈ মাদ্ৰিদৰ এখন সামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব৷ যিহেতু ভাইৰাছৰ ইনকিউবেচন পিৰিয়ড প্ৰায় ৪৫ দিন, সেয়েহে দীৰ্ঘম্যাদী কোৱাৰেণ্টাইনত থাকিব লাগিব৷ আন যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত সুস্থ বুলি ধৰা পৰিলে নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হ’ব৷ হাণ্টাভাইৰাছত আক্ৰান্ত হ’লে আৰম্ভণি সাধাৰণ জ্বৰৰ দৰে৷ শৰীৰৰ সামান্য বিষ, হাত-ভৰি বিষ, ভাগৰ, মূৰৰ বিষ আদিও দেখা দিয়ে৷ বহুতে ভাবে যে তেওঁলোকৰ ঋতুভিত্তিক ভাইৰেল জ্বৰ বা ফ্লু হৈছে৷
চিকিৎসকে সকীয়াই দিছে যে এই সাধাৰণ লক্ষণসমূহৰ আঁৰত ভয়ংকৰ হাণ্টাভাইৰাছ লুকাই থাকিব পাৰে৷ সময়মতে চিকিৎসা নকৰিলে বৃক্ক, হাওঁফাওঁ আৰু শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহ সোনকালে বিকল হ’ব পাৰে৷ হাণ্টাভাইৰাছ প্ৰধানকৈ এন্দুৰৰ দ্বাৰা বিয়পে৷ এন্দুৰৰ মল, প্ৰস্ৰাৱ, বা লালটিত এই ভাইৰাছ পোৱা যায়৷ পুৰণি ঘৰ, গুদাম, ষ্ট’ৰ ৰুম, বা ধূলিময় ঠাই চাফা কৰিলে এই ভাইৰাছ বতাহত সংক্ৰমিত হ’ব পাৰে৷ উশাহ-নিশাহৰ লগে লগে সেই প্ৰদূষিত বায়ু শৰীৰত প্ৰৱেশ কৰিলে সংক্ৰমণৰ আশংকা হয়৷ বিশেষকৈ য’ত নিগনিৰ প্ৰাদুৰ্ভাৱ বেছি হয় তাত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ৷ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি সাধাৰণ৷ যেনে জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, দুৰ্বলতা, বমি, পেটৰ বিষ বা ডায়েৰিয়া, যাৰ বাবে বহুতে প্ৰথমতে বিষয়টোক গুৰুত্ব নিদিয়ে৷ কিন্তু কিছুদিনৰ ভিতৰতে এই ৰোগে বিপদজনক ৰূপ ল’ব পাৰে৷
চিকিৎসকৰ মতে এই ভাইৰাছে শৰীৰৰ ৰক্তবাহী নলীত আক্ৰমণ কৰে৷ ফলত ৰক্তবাহী নলীৰ পৰা তৰল পদাৰ্থ লিক হৈ বৃক্ক আৰু হাওঁফাওঁৰ ওপৰত চাপ পৰে৷– যদি বৃক্ক আক্ৰান্ত হয় তেন্তে প্ৰস্ৰাৱ কমি যাব পাৰে, শৰীৰ ফুলাৰ সম্ভাৱনা থাকে আৰু তেজত বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে৷ গুৰুতৰ ক্ষেত্ৰত বৃক্কই সম্পূৰ্ণ কাম বন্ধ কৰি দিব পাৰে৷ তাৰ পিছত ডায়েলাইছিছৰ প্ৰয়োজন হ’ব পাৰে৷ অন্যহাতে হাওঁফাওঁত আক্ৰান্ত হ’লে উশাহ-নিশাহ লোৱাত অসুবিধা হয়৷
হাওঁফাওঁত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু ৰোগীয়ে সোনকালে সংকটজনক অৱস্থাত উপনীত হ’ব পাৰে৷ বহু ক্ষেত্ৰত আই চি ইউত ভৰ্তি হ’বলগীয়া হয়৷ আটাইতকৈ চিন্তনীয় কথাটো হ’ল এই ভাইৰাছৰ বাবে এতিয়াও কোনো নিৰ্দিষ্ট ঔষধ বা ভেকচিন নাই৷ সেয়ে শীঘ্ৰে ৰোগ নিৰ্ণয় কৰি সময়মতে চিকিৎসা আৰম্ভ কৰিব লাগে৷ ৰোগীৰ অি’জেন, তৰল পদাৰ্থ, বৃক্কৰ কাৰ্য্যক্ষমতাৰ ওপৰত নিয়মিতভাৱে নিৰীক্ষণ কৰা হয়৷ বিশেষজ্ঞসকলে কয় যে ঘৰ বা ষ্ট’ৰ ৰুম চাফা কৰাৰ সময়ত মাস্ক আৰু গ্ল’ভছ ব্যৱহাৰ কৰিব লাগে৷ যদি ধূলি উৰি আছে তেন্তে পোনপটীয়াকৈ চাফা কৰাতকৈ প্ৰথমে বীজাণুনাশক স্প্ৰে কৰা ভাল৷ ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আৰু নিগনিৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাটোও অতি প্ৰয়োজনীয়৷

