Breaking

‘হনুমান ভগৱান নহয়…’ মনোজ মুন্টাশ্বিৰৰ এই মন্তব্যৰ পিছতে অনুৰাগীয়ে ক’লে – মনে মনে থাকক…

0 61

‘হনুমান ভগৱান নহয়…’ মনোজ মুন্টাশ্বিৰৰ এই মন্তব্যৰ পিছতে অনুৰাগীয়ে ক’লে – মনে মনে থাকক…। আদিপুৰুষৰ সংলাপক লৈ ইতিমধ্যে বিতৰ্কত লিপ্ত হোৱা মনোজ মুন্টাশ্বিৰে ভগৱান হনুমানক লৈ এক বিবৃতি দি পুনৰ বিৰ্তকত সোমাই পৰিছে। প্ৰভাস, কৃতি ছানন আৰু ছেইফ আলী খান অভিনীত ছবি ‘আদিপুৰুষ’ মুক্তিৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে ছবিখনৰ সংলাপৰ বাবে মনোজ মুন্তশ্বিৰক সমালোচনা কৰা হৈছিল আৰু এতিয়া তেওঁ এনেকুৱা এটা কথা কৈছে যিয়ে ৰাইজৰ আৱেগক আঘাত কৰিছে। মনোজে কৈছে যে হনুমান জী ভগৱান নাছিল।

দৰাচলতে এক সাক্ষাৎকাৰত মনোজে কৈছিল যে বজৰং বালি ভগৱান নহয়, তেওঁ ভক্ত, আমি তেওঁক পিছত ভগৱান বনালোঁ। মনোজৰ এই সাক্ষাৎকাৰটো ছচিয়েল মিডিয়াত যথেষ্ট সমালোচনা কৰা হৈছে। ছ’চিয়েল মিডিয়াত মানুহে তেওঁক মনে মনে থাকিবলৈ পৰামৰ্শ দিছে। সোমবাৰে ছবিখনৰ উপাৰ্জন ৭০ শতাংশ হ্ৰাস পাইছে। খবৰ অনুসৰি ছবিখনৰ হিন্দী সংস্কৰণে সোমবাৰে মাত্ৰ ৯ কোটি টকাহে উপাৰ্জন কৰিছে। মুক্তিৰ প্ৰথম সপ্তাহৰ শেষৰ ফালে ছবিখনে যথেষ্ট ধন উপাৰ্জন কৰিছিল যদিও ছবিখনক লৈ বিতৰ্ক বাঢ়ি অহাৰ লগে লগে এনে লাগে যেন ছবিখন চোৱাৰ প্ৰতি মানুহৰ আগ্ৰহ কমি গৈছে। খবৰ অনুসৰি ছবিখনে ৬০০ কোটি টকা সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে । প্ৰভাস, কৃতি আৰু ছেইফৰ উপৰিও ছবিখনত অভিনয় কৰিছে ছানী সিং, সোনাল চৌহান, সিদ্ধাৰ্থ নিগমে।

Leave A Reply