Breaking

নলবাৰীত হনুমান জয়ন্তী উদযাপন

0 85

বিশ্ব হিন্দু পৰিষদ বজৰংগ দলে নলবাৰী জিলাতো উত্তৰ পূৱ প্ৰান্তীয় নিৰ্দেশনা অনুযায়ী চহৰ খনৰ প্ৰাণকেন্দ্ৰত থকা শ্ৰীশ্ৰী হৰিমন্দিৰত থকা শ্ৰীশ্ৰী হনুমান মন্দিৰত হনুমান জয়ন্তী উদযাপন কৰে৷


হনুমান জয়ন্তীৰ প্ৰথম কাৰ্য্যসূচী হিচাপে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা উপ-সভাপতি মানস পাটগিৰিয়ে ধৰ্মধ্বজা উত্তোলন কৰে৷

দ্বিতীয় কাৰ্য্যসূচী হিচাপে বজৰংগ দলৰ প্ৰাৰ্থনা কৰা হয় আৰু তাৰ পিছত নলবাৰী হৰি মন্দিৰ চৌহদৰ পৰা প্ৰায় তিনি শতাধিক বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ কাৰ্যকৰ্তাৰে এক বৃহৎ ৰথ যাত্ৰা চহৰখনৰ মাজেৰে উলিওৱা হয়৷

মহাপ্ৰভু শ্ৰী হনুমানৰ পূজাভাগ সম্পন্ন হোৱাৰ পিছতে ভোগ গ্ৰহণ কৰাৰ লগতে ব’ল উপাসনাৰে সমগ্ৰ কাৰ্য্যক্ৰমটো সমাপ্ত কৰে৷

উক্ত হনুমান জয়ন্তী উদযাপন কাৰ্যক্ৰমটোৰ মাধ্যমেৰে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সনাতনী হিন্দু সমাজৰ কুশল মংগল কামনা কৰাৰ উপৰিও সমগ্ৰ হিন্দু সমাজ একত্ৰিত হৈ বিধৰ্মীৰ কু-অভিসন্ধিৰ বিৰুদ্ধে ভৱিষ্যৎ দিনত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ লগত সহযোগ কৰাৰ বাবে আহ্বান জনাই বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নলবাৰী জিলা নেতৃত্বই স্থানীয় সংবাদ মাধ্যমক জনাই৷

উক্ত অনুষ্ঠানটোত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ বিষয়ববীয়া,কাৰ্যকৰ্তা সকলৰ উপৰিও ভালেমান ভক্তপ্ৰান ৰাইজ উপস্থিত হয়৷
-পিংকু ৰায় চৌধুৰীৰ(নলবাৰী)

Leave A Reply