Breaking

আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ, জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিলে যমজ সন্তান, ককাক হ’ল মুকেশ আম্বানী…

0 87

আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ। ককাক হ’ল মুকেশ আম্বানী । আম্বানীৰ  জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিছে  যমজ সন্তানৰ । আম্বানী পৰিয়ালে প্ৰকাশ কৰা  অনুসৰি ঈশা আম্বানীয়ে শেহতীয়াকৈ   যমজ সন্তান জন্ম দিছে, দুয়োটা সন্তান স্বাস্থ্যৱান আৰু বৰ্তমানে সুস্থ হৈ আছে। 


ঈশা আম্বানীয়ে এটি ল’ৰা আৰু এটি কন্যা সন্তানৰ  জন্ম দিছে। আম্বানীৰ পৰিয়ালে লগতে এই কথাও প্ৰকাশ কৰিছে যে কন্যা সন্তানৰ নাম আদিয়া ৰখা হৈছে, আনহাতে পুত্ৰ সন্তানৰ নাম কৃষ্ণ ৰখা হৈছে। উল্লেখ্য ঈশা আম্বানীয়ে পিৰামল গ্ৰুপৰ আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত তেওঁলোক দুয়ো এতিয়া যমজ সন্তানৰ পিতৃ-মাতৃ হৈছে।


মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে নতুন প্ৰজন্মক ব্যৱসায়িক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হৈছে ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ঈশা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা।

Leave A Reply