Breaking

শুভ মহালয়াঃ মহালয়াৰ তাৎপৰ্য্য বেলেগ বুলি কিয় কোৱা হয়‌ জানেনে…

0 447

এতিয়া শৰৎ কাল ।শৰৎ কাল বুলি কলেই আমাৰ মনলৈ ভাহি আহে কঁ‌হুৱা,নিয়ৰ আৰু শেৱালী ফুলৰ সুবাস।শেৱালীৰ কোমল সুবাস ,জিলমিল নিয়ৰৰ মাজতে আহে শাৰদীয় দুৰ্গোৎসৱ।দেৱী দূৰ্গাক মৰ্তলৈ আমন্ত্ৰণ কৰা দিনটোৱে হ’ল” মহালয়া”।

মূলত মহালয়াৰ দিনটোৰ পৰাই দুৰ্গাপূজাৰ আনুষ্ঠানিক আৰম্ভণি হয় বুলি অতীজৰে পৰা প্ৰচলিত হৈ আহিছে।আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হয় ।কথিত আছে যে আজিৰ পৰাই মহিষাষুৰৰ লগত দুৰ্গা মাৰ যুদ্ধ আৰম্ভ হৈছিল
তথাপি কিন্তু মহালয়াৰ তাৎপৰ্য্য বেলেগ বুলিও কোৱা হয়।

এই মহালয়াৰ দিনটোক পিতৃপক্ষৰ দিন বুলিও কোৱা হয়।এই দিনটোতে পিতৃপক্ষৰ শেষ আৰু দেৱীপক্ষৰ আৰম্ভণি হয়।সনাতন হিন্দু ধৰ্মৰ ৰীতি অনুসৰি এই দিনটোত মৃত আত্মাবোৰ পৃথিৱীলৈ নামি আহি একত্ৰিত হয় বুলি বিশ্বাস কৰা হয়।

মহালয়াৰ দিনটোত পিতৃ-মাতৃহীন সকলে পুৰ্বপুৰুষক স্মৰণ কৰে আৰু মৃতকৰ আত্মাৰ শান্তি কামনা কৰি অঞ্জলি প্ৰদান কৰে।আহিন মাহৰ অমাৱস্যাৰ দিনা দেৱীপক্ষৰ সূচনা হয় আৰু এই দিনটো মহালয়া হিচাপে পৰিচিত।

সেয়ে মহালয়াৰ দিনা মাতৃক আদৰিবলৈ বিশেষ প্ৰাৰ্থনা কৰা হয়। মা দুৰ্গাৰ আশীৰ্বাদে সকলোকে কুশলে ৰাখক সেয়াই প্ৰাৰ্থনা।

Leave A Reply