Breaking

কয়াকুছিত ডনবস্ক ইংলিচ মেডিয়াম পাব্লিক স্কুলৰ শুভ উদ্বোধন…

0 2,031

বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছিত ৰাইজিং কয়াকুছি ফাউণ্ডেশ্যনৰ উদ্যোগত গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয় ডনবস্ক ইংলিচ মেডিয়াম পাব্লিক স্কুলৰ অাজি শুভ উদ্বোধন কৰা হয় । বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই শুভ উদ্বোধন কৰি দিয়া ভাষনত কয় যে, শিক্ষাই হৈছে জীৱনৰ পোহৰ। গতিকে শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী, অভিভাৱক অাৰু ৰাইজ এই চাৰিটা স্তম্ভৰযোগে শিক্ষানুষ্ঠানক অাগুৱাই নিব লাগে। সেয়ে জাতীয় জীয়নৰ যি শ্ৰদ্ধা অাছে সেই শ্ৰদ্ধাবিকাশ প্ৰকাশৰ মাধ্যমেদি তেওঁলোকৰ ব্যক্তিত্ব বিকাশ অাৰু কৃতীত্ব প্ৰকাশৰ সুযোগ পাব। গতিকে প্ৰমুল্যবোধ শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী নিশ্চিতভাৱে সমাজ জীৱনৰ গড় লৈ উঠিব বুলি  অাশা প্ৰকাশ কৰে। এই অনুষ্ঠানৰ মুকলি সভা পৰিচালনা কৰে আমজাদ হুছেইনে ।

উক্ত সভাত বিশিষ্ট চিকিৎসক ডা: শ্বাহ আলম, কয়াকুছি শাখা সাহিত্য সভাৰ সভাপতি তালেবৰ ৰহমান, সম্পাদক হান্নান আলী আহমেদ,লৱাৰ আসাম একাডেমীৰ অধ্যক্ষ দেলুৱাৰ হুছেইন,অসম গণ পৰিষদৰ মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়, ন-কৈ গঢ়ি উঠা বিদ্যালয়খনৰ অধ্যক্ষ ৰিচাৰ্ড জন ফ্ৰাঞ্চিচ, ৰাইজৰ দলৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক আব্দুল জলিল, বিদ্যালয় পৰিচালনা সমিতিৰ ট্ৰাষ্টি ডাঃ ৰিজুমণি বেগম আৰু তাইজুদ্দিন আহমেদৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যাক্তি উপস্থিত থাকি শিক্ষামুলক বিভিন্ন দিশ সন্দৰ্ভত তথ্য সমৃদ্ধ গাম্ভীৰ্যপূৰ্ণ উপদেশমুলক ভাষন প্ৰদান কৰে ।

Leave A Reply