Breaking

বিশ্বনাথ বাঘমৰা খণ্ড উন্নয়ন কাৰ্যালয়ত হৰ ঘৰ ত্ৰিৰংগা সজাগতা সমদল। ‘ঘৰে ঘৰে উৰিব জাতীয় পতাকা’- বিধায়ক ৰঞ্জিত দত্ত

0 1,649

স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্য্যসূচী গ্ৰহণ কৰিছে । ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনি কেন্দ্ৰ স্থাপন কৰা হৈছে । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা। এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামিণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত বিশ্বনাথ সমষ্টিৰ আৰু বিহালী সমষ্টিত সজাগতা সমদল।আজি বাঘমৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ বাবে সমদল । উক্ত সমদলৰ ফ্লেগ অফ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্তই।


দত্তই লগতে কয় অহা ১৩ আগষ্ট পৰা অসমীয়া ৰাইজে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈ সাজু হৈছে।আনহাতে ইতিমধ্য সামাজিক মাধ্যমত জাতীয় পতাকা খন নিজৰ নিজৰ ফেচবুক একাউণ্টৰ মুল ফটো হিচাপে একাংশই ব্যৱহাৰ কৰিছে বুলি প্ৰকাশ কৰে।বাঘমৰা খণ্ড উন্নয়ন বিষয়া, বাঘমৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সখী সকলে সঞ্চায় গোটৰ মহিলাই এই সমদলত অংশগ্ৰহণ কৰে।এই সমদল বাঘমৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিনজিয়া, ৰতোৱাকে ধৰি বিশ্বনাথৰ বিভিন্ন পিছপৰা অঞ্চলত এই সমদলৰ কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।


ইফালে মঙলবাৰে বাঘমৰা উন্নয়ন খণ্ড অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বাঘমৰা শাখাই ও এক স্কুটি ৰেলী উলোৱাই।
এই ৰেলী জিনজিয়া গাওঁ পঞ্চায়ত, তিনিসুতি গাওঁ পঞ্চায়ত, মোনাবাৰী, জৰাবাৰী, ৰতোৱা, খৰাশিমলু, বৰঝাৰণি, মিজিকাকে ধৰি বিভিন্ন গাওঁ পঞ্চায়ত আৰু অঞ্চলত স্কুটি জৰিয়তে ৰেলী কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

Leave A Reply