Breaking

বৰপেটাত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ প্ৰচাৰ অভিযান …

0 68

স্বাধীনতা দিৱসলৈ মাজত মাথো তিনি দিন বাকী ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক সজাগতামূলক কাৰ্যসূচী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ শীৰ্ষক আহ্বানক লৈ চলোৱা হৈছে ব্যাপক প্ৰচাৰ ৷

বৃহস্পতিবাৰে বৰপেটাত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা চলোৱা হয় ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ প্ৰচাৰ অভিযান ৷ বাণিজ্যিক আৰু ব্যক্তিগত যান-বাহনৰ চালক আৰু কৰ্মচাৰীসকলক একত্ৰিত কৰি চলোৱা হয় ‘হৰ ঘৰ ত্ৰিৰংগাৰ’ প্ৰচাৰ অভিযান ৷এই কাৰ্যসূচীৰ জৰিয়তে যান-বাহনৰ চালক আৰু কৰ্মচাৰীসকলক ১৩ ৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনোৱা হয় ৷

লগতে বাণিজ্যিক আৰু ব্যক্তিগত যান-বাহনসমূহৰ আইনাত লগাই দিয়া হয় ‘ঘৰে ঘৰে জাতীয় পতাকা’ শ্ল’গান সম্বলিত ৰঙীন ষ্টিকাৰ ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসে ৷

সকলো প্ৰকাৰৰ যান-বাহনৰ প্ৰতিগৰাকী মালিক,চালক আৰু কৰ্মচাৰীক প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ তেওঁ অনুৰোধ জনায় ৷

Leave A Reply