Breaking

হৰ ঘৰ ত্ৰিৰংগা,বন্দে মাতৰম ধ্বনিৰে মুখৰিত হ’ল তামুলপুৰৰ ৰাজপথ…

0 1,539

আজি পুৱাই তামুলপুৰৰ ৰাজপথত জিলা প্ৰশাসনৰ বিশাল চাইকেল ৰেলী।দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা অভিযান উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা তামুলপুৰ জিলা সদৰত এক বিশাল চাইকেল ৰেলী উলিওৱা হয়৷

তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈয়ে উদ্ধোধন কৰা আৰু অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম ঠাকুৰীয়াই নেতৃত্ব দিয়া চাইকেল ৰেলীটোত বিভিন্ন বিদ্যালয়ৰ এন এন চি চি কেদাৰ , সহস্ৰাধিক ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহণ কৰি হৰ ঘৰ ত্ৰিৰংগা, ভাৰত মাতা কি জয়, বন্দে মাতৰম শ্ল’গানেৰে মুখৰিত কৰি তোলে তামুলপুৰৰ ৰাজপথ৷

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply