Breaking

চাপৰ-শালকোচা উন্নয়ন খণ্ড কাৰ্যালয়ৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতা ৰেলী…

0 19

চাপৰ-শালকোচা উন্নয়ন খণ্ড কাৰ্যালয়ৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতা ৰেলী । উন্নয়ন খণ্ডটোৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোট সমূহৰ মহিলা সকলৰ লগতে উন্নয়ন খণ্ডটোৰ বিষয়া-কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে এই সজাগতা ৰেলী কাৰ্যসূচীত।

উন্নয়ন খণ্ডটোৰ এই মহিলা আত্মসহায়ক গোট সমূহে আগন্তুক ১৫ আগষ্ট উপলক্ষে প্ৰায় অৰ্ধ লক্ষাধিক জাতীয় পতাকা নিৰ্মাণ কৰি উলিয়াইছে।এই ৰেলী চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়ত সমূহ পৰিভ্ৰমণ কৰি হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতা বৃদ্ধি কৰিব।

উল্লেখযোগ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে “আজাদী কা অমৃত মহোৎসৱ”ত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ বাবে এইয়া হৈছে এক অন্যতম সজাগতা কাৰ্যসূচী।

Leave A Reply