Breaking

খেলৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ ভৰি চুই আশীৰ্বাদ ল’লে এজন অনুৰাগীয়ে…

0 16

আই পি এল ২০২৪ৰ দ্বিতীয়খন খেল হায়দৰাবাদত অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছৰ। মুম্বাইৰ দলটোৱে যেতিয়া মেচ খেলিবলৈ হায়দৰাবাদ পালেহি তেতিয়া হাৰ্দিক পাণ্ডিয়াই তেওঁৰ অনুৰাগীক লগ পালে। ভাৰতত ক্ৰিকেটপ্ৰেমীৰ অভাৱ নাই আৰু মানুহে নিজৰ প্ৰিয় ক্ৰিকেটাৰক লগ কৰিবলৈ যে কোনো পৰিসৰলৈ যাব পাৰে। শেহতীয়াকৈ এজন অনুৰাগীয়ে খেলপথাৰলৈ আহি বিৰাট কোহলীক সাৱটি ধৰিলে আৰু এতিয়া মুম্বাই ইণ্ডিয়ানছৰ বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ সৈতেও একেধৰণৰ আমোদজনক ঘটনা হৈছে। অহা ২৭ মাৰ্চত হায়দৰাবাদত অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত। এই মেচৰ বাবে যেতিয়া মুম্বাই দল হায়দৰাবাদলৈ আহিছিল, তেতিয়া এজন অনুৰাগীয়ে অধিনায়ক পাণ্ডিয়াৰ কাষ চাপিছিল।

দুৰ্গেশ তিৱাৰী নামৰ এজন ব্যক্তিয়ে হাৰ্দিক পাণ্ড্যাৰ সৈতে এক্সত এটা ভিডিঅ’ পোষ্ট কৰিছে। দুৰ্গেশে প্ৰথমে হাতত বনোৱা টেটুটো হাৰ্দিকক দেখুৱাইছিল আৰু তাৰ পিছত তেওঁৰ ভৰিখনো চুইছিল। এই হৃদয় চুই যোৱা ভিডিঅ’টো মানুহে বহুত ভাল পাইছে। দুৰ্গেশে কেপচনত লিখিছে যে হায়দৰাবাদত তেওঁৰ মূৰ্তিক লগ পাইছিল। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত হাৰ্দিকক বহুত ট্ৰ’ল কৰা হৈছে আৰু বিশেষকৈ ৰোহিত শৰ্মাৰ ঠাইত অধিনায়ক হোৱাৰ বাবে ৰাইজে তেওঁক সমালোচনা কৰিছে যদিও দুৰ্গেশৰ সৈতে হোৱা ভিডিঅ’টো চাই সকলোৰে হৃদয় গলিছে।


Leave A Reply