Breaking

স্বামীৰ উপাধি আঁতৰালে হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছাই! পৃথক হ’ব নেকি দুয়ো…

0 51

ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ হাৰ্দিক পাণ্ডিয়া আৰু মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ মাজৰ দূৰত্বক লৈ কিছু খবৰ চৰ্চাত আছে। কিয়নো নাটাছা ষ্টেনকভিচৰ ইনষ্টাগ্ৰাম বায়’ত পৰিৱৰ্তন আহিছে। আচলতে ছাৰ্বিয়াৰ মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচে তেওঁৰ উপাধিৰ পৰা ‘পাণ্ডিয়া’ বাদ দিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চৰ্চাত আহিছে তেওঁলোকৰ মাজৰ সম্পৰ্ক ফাঁট মেলা কথা।

আচলতে নাটাছাই ইনষ্টাগ্ৰামত তেওঁৰ নামটো ‘নাটাছা ষ্টেনকভিচ পাণ্ডিয়া’ বুলি লিখিছিল যদিও এতিয়া তেওঁ স্বামীৰ উপাধি আঁতৰাই পেলাইছে।

আনহাতে ৪ মাৰ্চত নাটাছাৰ জন্মদিন আছিল কিন্তু হাৰ্দিকে পত্নীৰ বাবে কোনো পোষ্ট কৰা নাছিল।

আচলতে শেহতীয়া কিছুমান ফটোও নোহোৱা হৈছে।

আনহাতে প্ৰতিবাৰেই নাটাছাই আই পি এলত স্বামীক সহায় কৰিবলৈ আহিছিল যদিও এইবাৰ ষ্টেডিয়ামত উপস্থিত নাছিল।

তাকে লৈ মানুহৰ মনত জল্পনা-কল্পনা সৃষ্টি হৈছে।

বহুবাৰ এনেকুৱা হৈছে যে ছ’চিয়েল মিডিয়াত তাৰকাসকলে নিজৰ নাম সলনি কৰে।

তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰখা নাই এতিয়ালৈকে হাৰ্ডিক আৰু নাটাছাই।

Leave A Reply