-ওদালগুৰি জিলাৰ হৰিশিঙা ব্লক ইউপিপিএল যুৱ মৰ্চাৰ উদ্যোগত আজি চুৰান্ত ফুটবল প্ৰতিযোগিতা খন হৰিশিঙা আৰু ঝাৰগাওঁ কদমগুৰি প্ৰাইমাৰী দলৰ লগত অনুষ্ঠিত হৈ যায়।হৰিশিঙা প্ৰাইমাৰী দলক ৩/১গল দি বিজয়ী হয় ঝাৰগাওঁ কদমগুৰি প্ৰাইমাৰী দলে।

কেন্দ্ৰীয় ইউপিপিএল যুৱ মৰ্চাৰ সভাপতি সৌমনাথ নাৰ্জাৰীয়ে উদ্ধোধন কৰা চুৰান্ত খেলখনৰ আকৰ্ষণীয় দৰ্শক হিচাপে উপস্থিত থাকে ইউটুবাৰ গেমশ্ৰী দৈমাৰী, লগতে কেন্দ্ৰীয় ইউপিপিএল উপ সভাপতি ভ্ৰমন বাগ্লাৰী, ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবিন্দ্ৰ মছাহাৰী আৰু গণ্য মান্য ব্যাক্তিসকল।

