Breaking

এইবাৰ ভাৰতীৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB-এ

0 23

বলীউদৰ বহু কেইগৰাকী তাৰকা মাদক দ্ৰৱ্য সেৱন কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ পিছত বহুকেইজন তাৰকাক বৰ্তমান আৰক্ষীয়ে জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কিৰিছে ।NCB-এ জনপ্ৰীয় কমেড়িয়ান ভাৰতী সিংৰ বাসগৃহত অভিযান চলাই তালাচীত ভাৰতীৰ ঘৰৰ পৰা গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোধা–পোছাৰ বাবে ভাৰতী আৰু স্বামীক এনচিবিৰ কাৰ্যালয়লৈ নিয়া হয়। । তাৰ পিছতে ভাৰতী সিংক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।

আনহাতে দেওবাৰে পুৱা ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ই। ভাৰতীৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বিৰুদ্ধে নিষিদ্ধ ড্ৰাগছ সেৱনৰ অভিযোগ উঠিছিল। দীৰ্ঘ সময় জেৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হয় হৰ্ষ লিম্বাচিয়াক। ভাৰতীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৮৬.৫ গ্ৰাম গাঞ্জা । দুয়োজনেই গাঞ্জা সেৱন কৰে বুলি স্বীকাৰো কৰিছে আৰক্ষীৰ সন্মুখত।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা এনচিবিয়ে বলীউদৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে চলাইছিল তীব্ৰ অভিযান। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা বলীউদৰ এজনৰ পিছত আনজন তাৰকাৰ মাদক দ্ৰৱ্য সেৱৰ তথ্য পোহৰলৈ আহিছে। সেই যোগসূত্ৰৰ আঁত ধৰি তদন্ত আগুৱাই নিছে এনচিবিয়ে। এইবাৰ তালিকাত নতুন সংযোজন ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়া।

ইয়াৰ উপৰি বহু তাৰকাৰ নাম মাদক দ্ৰৱ্য সেৱনত সাঙোৰ খাইছে । বিখ্যাত প্ৰযোজক ফিৰোজ নাদিওৱালা, তেওঁৰ পত্নী শাবানাক মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে। ইয়াৰ উপৰি দীপিকা পাডুকণ, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং, ছাৰা আলী খানসহ বহুকেইজন ।

Leave A Reply