Breaking

হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী নায়ব ছৈনী, নায়ব ছৈনী কোন…

0 24

হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী নায়ব ছৈনী৷ বিজেপি বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত৷ আজি পদ ত্যাগ কৰিছিল মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাত ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ মাজতে বিজেপি আৰু জেজেপিৰ মিত্ৰতা ভংগ হৈছে। মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে আজি মন্ত্ৰীসভাৰ সৈতে পদত্যাগ কৰে। মুখ্যমন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত বিধায়িনী দলৰ বৈঠকৰ অন্তত পদত্যাগ ঘোষণা কৰে। খবৰ অনুসৰি নায়ব ছৈনীক হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

কুৰুক্ষেত্ৰৰ সাংসদ নায়ব সিং ছৈনীক হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছে। বিজেপি বিধানসভা দলৰ বৈঠকত তেওঁৰ নাম অনুমোদন। অ’বিচি সম্প্ৰদায়ৰ অন্যতম ডাঙৰ নেতা নায়ব ছৈনীক মনোহৰ লালৰ ঘনিষ্ঠ।


Leave A Reply