Breaking

গণতান্ত্ৰিক ব্যৱস্থাত আস্থা হেৰুৱাইছে নেকি একাংশ ভোটাৰে : ৰাজ্যৰ ২ লক্ষাধিক ভোটাৰে আশ্ৰয় ল’লে ন’টা(NOTA) ৰ

0 2,030

ক্ৰমাৎ ৰাজনৈতিক নেতা সকলে আস্থা হেৰুৱাইছে নেকি ৰাজ্যত। সদ্যঘোষিত অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ কেতবোৰ তথ্যই যেন একপ্ৰকাৰৰ তেনে প্ৰশ্নৰে অৱতাৰণা কৰিছে। ২০২১ বিধান সভা নিৰ্বাচনত ৰাজ্যৰ ১২৬টা সমষ্টিত উদ্বেগ জনক ভাৱে বৃদ্ধি পালে ন’টাত ভোটদান কৰা ভোটাৰৰ সংখ্যা। ইলেকচন কমিচন অৱ ইণ্ডিয়াৰ ৱেবছাইট results.eci.gov.in ৰ তথ্য মতে ২০২১ বিধানসভা নিৰ্বাচনত ২১৯৫৭৮ জন ভোটাৰে বিচাৰি নাপালে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী। সেয়ে তেওঁলোকে ভোটদান কৰিলে নটাত। এইক্ষেত্ৰত সকলোতকৈ আগুৱাই থাকিল ওদালগুৰি সমষ্টি। ইউ পি পি এলৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী নিৰ্বাচিত হৈ অহা সমষ্টিটোত ১২২৪৮৮ জন ভোটাৰৰ ভিতৰত ৩৮০৫ জন ভোটাৰে আশ্ৰয় ললে নটাৰ। শতাংশ হিচাপত ৩.১১ শতাংশ যি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। ইফালে বি জে  পিৰ হাইপ্ৰফাইল নেতা ৰঞ্জিত দত্তৰ বিহালী সমষ্টিতো ১০৫২১৩ জন ভোটাৰৰ ২.৮৬ শতাংশ ভোটাৰ অৰ্থাৎ ৩০১২ জন ভোটাৰে ভোটদান কৰিলে নটাত। একেদৰে চাবুৱাত ২.৫৮ শতাংশ, অতুল বৰা নিৰ্বাচিত হৈ অহা বোকাখাট সমষ্টিত ২.০৬ ,বিজেপিৰ ৰূপেশ গোৱালা বিজয়ী হৈ অহা ডুমডুমা সমষ্টিত ২.৭১ শতাংশ, কেশৱ মহন্তৰ কলিয়াবৰত ১.৪৫ শতাংশ, বিনোদ হাজৰিকা নিৰ্বাচিত হৈ অহা লাহোৱালত ২.৪০ শতাংশ ভোটাৰে পচন্দৰ প্ৰাৰ্থী বিচাৰি নাপাই নটাৰ আশ্ৰয় লয়। আনকি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিটো ২১৫৭ অৰ্থাৎ ১.২৮ শতাংশ ভোটাৰে বিচাৰি নাপালে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী। উল্লেখ্য যে ৰাজ্যৰ ২০২১ বিধান সভা নিৰ্বাচনত ১৮৯৩৭৪০০ জন ভোটাৰৰ ভিতৰত ২১৯৫৭৮ জনেই নটাত ভোটদান সাব্যস্ত কৰে।

Leave A Reply