Breaking

বন্ধৰ দিনত এই ৫টা স্বাস্থ্যকৰ, সোৱাদযুক্ত খাদ্য ব্ৰেকফাষ্টত খাওক, দেখিব শৰীৰৰ পৰিৱৰ্তন…

0 13

সপ্তাহটোত এদিন জিৰণি লোৱাৰ দিন আৰু এই দিনটোত মানুহে পৰিয়ালৰ সৈতে বা বন্ধু-বান্ধৱীৰ সৈতে নাইবা নিজৰ মনৰ পছন্দৰ ঠাইত সময় কটাই ভাল পায়। দেওবাৰেই হওক বা সোমবাৰেই হওক, সকলোৱে সোৱাদযুক্ত ব্ৰেকফাষ্ট খাই ভাল পায়, আমি আপোনালোকক আজি কম আপুনি কেনেকৈ উইকেণ্ড ব্ৰেকফাষ্টক স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত কৰি তুলিব পাৰে।

ব্ৰেকফাষ্ট দিনটোৰ অন্যতম গুৰুত্বপূৰ্ণ খাদ্য হিচাপে গণ্য কৰা হয়।

এভোকেডো টোষ্ট: এইটোৱেই হৈছে ব্ৰেকফাষ্টত বনাব পৰা আটাইতকৈ সহজ ব্ৰেকফাষ্ট। আপোনাৰ পেটও ভাল হ’ব। ইয়াৰ বাবে প্ৰথমে এভোকেডো লৈ তাৰ পিছত কিছু নিমখ আৰু জালুক ছটিয়াই দিব যদি ইচ্ছা কৰে শুকান ফল দি উপভোগ কৰিব পাৰে।


মানুহে মুগু দাইল খাই বৰ ভাল পায়। প্ৰাপ্তবয়স্কৰ পৰা ল’ৰা-ছোৱালীলৈকে সকলোৱে বৰ ভাল পায়। ইয়াৰ ফলত আপোনাৰ ওজন বৃদ্ধি নহয়, মেদবহুলতাত ভুগিলেও আপুনি ইয়াক গ্ৰহণ কৰা উচিত। ধনীয়া পাত, পিয়াজ, বিলাহী সেউজীয়া ধনীয়াৰ চাটনিৰ লগত খাব মগুমাহৰ ৰুটি বা পুৰি বনাই।


শিশুৱে গ্ৰীল কৰা বাদামৰ মাখন বৰ ভাল পায়, আপুনি ব্ৰেকফাষ্টত বনাব পাৰে এই ৰেচিপি। বনাবলৈ বেছি সময়ও নালাগে। নিমিষতে বনাব পাৰিব। ব্ৰেড গ্ৰীলাৰ চেণ্ডুইচ মেকাৰৰ সহায়ত বনাব পাৰি। বেছি গধুৰ খাদ্য নহয় আৰু সহজে খাব পাৰে। পেট বেয়া হোৱাৰো ভয় নাই।



বহু ঘৰত পনীৰ চিল্লা তৈয়াৰ কৰে। শিশুৱে এই খাদ্য খাই ভাল পায়। ইয়াত প্ৰটিন আৰু কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। ঘৰতে সহজে এই ৰেচিপি বনাব পাৰিব।


Leave A Reply