Breaking

ডিমৰু খাইছেনে কেতিয়াবা? গুণাগুণ জানিলে আপুনি বিচাৰি বিচাৰি খাব ডিমৰু

0 185

ডিমৰু হৈছে এবিধ মিঠা সতেজ অথবা শুকান ফল। সাধাৰণতে শুকান ডিমৰু ফল গোটেই বছৰ ধৰি উপলব্ধ। ডিমৰুৰ ইংৰাজী নাম Fig; বৈজ্ঞানিক নাম হ’ল Ficus carica ।

ডিমৰু ফল বিধ মধ্য প্ৰাচ্য , এছিয়া , তুৰস্কৰ স্থানীয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ , স্পেইনত বাণিজ্যিকভাৱেও ব্যাপকভাৱে ডিমৰু খেতি কৰা হয়। অসমতো ডিমৰু উদ্ভিদ পোৱা যায়। ১০০ গ্ৰাম ডিমৰুৱে ৭৪ কেলৰি শক্তি প্ৰদান কৰে আৰু দ্ৰৱণীয় আহঁ , অত্যাৱশ্যকীয় পুষ্টি আৰু বহুতো যৌগ প্ৰদান কৰে।

যি স্বাস্থ্যৰ লাভালাভ আৰু ৰোগ নিৰাময় কৰাত অৰিহণা যোগায়। ডিমৰুত নিহিত মূখ্য উপাদানবোৰে মুক্ত ৰেডিকেলবোৰ পৰিস্কাৰ কৰাত সহায় কৰে। ডায়েবেটিছৰ দৰে দীৰ্ঘম্যাদী ৰোগৰ প্ৰতিৰোধ আৰু প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। সতেজ ডিমৰু ফলত জটিল ভিটামিন বি ( Vitamin B complex ) যেনে – নিয়াচিন ( Niacin ) , পাইৰিডক্সিন ( Pyridoxine ), ফলেট ( Folate ) আৰু পেন্ত্তথেনিক এচিড (Pantothenic acid ) যি বিপাকৰ সহকাৰক হিচাপে কাম কৰে।

ডিমৰু ফলবোৰত কেলচিয়াম, লো ,মেগনেছিয়াম , তাম , পটেছিয়াম , চেলেনিয়াম আৰু জিংক আদিৰে সমৃদ্ধ। কেলছিয়ামে হাড় গঠনত , পটেছিয়ামে ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ স্পন্দনৰ ভাৰসাম্য ৰক্ষা কৰাত আৰু আইৰণে লোহিত ৰক্তকণিকা গঠন কৰাত সহায় কৰে।

ডিমৰু ফলৰ Latex ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় য’ত এনজাইম ফিচিন ( Enzyme ficin ) থাকে যি শক্তিশালী এন্হোলমন্টিক( Anthelmintic ) গুণেৰে পৰিপূৰ্ণ। ই পেলুৰ সংক্ৰমণ বিৰুদ্ধে যুঁজ দিয়ে। ডিমৰু মূখ্য গুণাগুণ আৰু উপকাৰীতা আৰু বহুত পোৱা যায়।

Leave A Reply