Breaking

‘তেওঁ সাধাৰণ জাতিৰ লোক’: প্ৰধানমন্ত্ৰী মোদীৰ ‘সবচে বড়া অ’বিচি’ মন্তব্য সন্দৰ্ভত ৰাহুলৰ প্ৰতিক্ৰিয়া…

0 20

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে তেওঁ অ’বিচি পৰিয়ালত জন্ম গ্ৰহণ কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ সাধাৰণ জাতিৰ লোক। কংগ্ৰেছ সাংসদগৰাকীয়ে কয়-প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জাতিগত পৰিচয় সন্দৰ্ভত ৰাষ্ট্ৰক প্ৰতাৰণা কৰি আহিছে। ৰাহুলে কয় “যেতিয়াই বিজেপি কৰ্মীসকল আপোনাৰ ওচৰলৈ আহে, তেওঁলোকক এটা কথা কওঁক আমাৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশক মিছা কৈ আহিছে যে তেওঁ পিছপৰা শ্ৰেণীৰ লোক। তেওঁ পিছপৰা শ্ৰেণীত জন্ম গ্ৰহণ কৰা নাছিল, তেওঁ সাধাৰণ জাতিৰ লোক। আপোনালোকে এইকথা প্ৰতিজন বিজেপি কৰ্মীক কওঁক।” ঝাৰচুগুড়াত ভাৰত জোডো ন্যায় যাত্ৰাৰ সমদলত ভাষণ দি ৰাহুলে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যকলৈ শাসকীয় বিজেপি আৰু ইয়াৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱীয়ই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় ৰাহুলৰ দাবী ”একেবাৰে মিছা” । ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ জাতি অ’বিচি হিচাপে কৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাতি ১৯৯৯ চনৰ ২৭ অক্টোবৰত অ’বিচি হিচাপে জাননীত প্ৰকাশ পাইছিল বুলিও তেওঁ কয়। গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণ ২ বছৰ আগতে এনে ঘোষণা কৰা হৈছিল বুলি মালৱীয়ই এক্সত এটা পোষ্টত কয়। মালৱীয়ই লগতে দাবী কৰে যে জৱাহৰলাল নেহৰুৰ পৰা ৰাহুল গান্ধীলৈকে সমগ্ৰ নেহৰু-গান্ধী পৰিয়ালটোৱে অ’বিচিৰ বিৰুদ্ধে কাম কৰি আহিছে।

শেহতীয়াকৈ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ‘সবচে বাদা অ’বিচি’ (আটাইতকৈ ডাঙৰ অ’বিচি) বুলি অভিহিত কৰাৰ পিছত ৰাহুলে এনেদৰে মন্তব্য কৰিছিল। মোদীয়ে কৈছিল “কংগ্ৰেছ দল আৰু ইউপিএ চৰকাৰে অ’বিচিৰ সৈতে ন্যায় প্ৰদান কৰা নাছিল। কেইদিনমান আগতে, কাৰপুৰী ঠাকুৰজীক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। ১৯৭০ চনত, যেতিয়া তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী হৈছিল, তেওঁৰ চৰকাৰক অস্থিৰ কৰিবলৈ কি কৰা হোৱা নাছিল? কংগ্ৰেছে অ’বিচিক সহ্য কৰিব নোৱাৰে… তেওঁলোকে গণনা কৰি থাকে যে চৰকাৰত কিমান জন অ’বিচি আছে।”

Leave A Reply