Breaking

লণ্ডনস্থিত প্ৰখ্যাত বেংক তথা ব্যৱসায়ী সংস্থা ‘লয়ড’ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে চিৰন্তন বৰুৱাই…

0 58

বিশ্বৰ প্ৰেক্ষাপটত উজ্বলি উঠিছে আন এগৰাকী অসম সন্তান৷ লণ্ডনস্থিত প্ৰখ্যাত বেংক তথা ব্যৱসায়ী সংস্থা ‘লয়ড’ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে চিৰন্তন বৰুৱাই ৷ অৰ্থনীতিবিদ বৰুৱাৰ নিযুক্তিক লৈ ব্যৱসায়ী সংস্থাটোৱে উত্ফুলল্তি হৈ পৰিছে৷ বহুকেইজন শীৰ্ষস্থানীয় অৰ্থনীতিবিদে বৰুৱাক বিশ্বৰ ফাইনেঞ্চ জগতৰ এক নতুন নক্ষত্ৰ বুলিও আখ্যা দিছে ৷

এনে এজন যোগ্য ব্যক্তিক লয়ডৰ বিষয়া হিচাপে নিযুক্তি দিয়াটো পৰম সৌভাগ্যৰ বিষয় বুলি সংস্থাটোৰ বেংকিং গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া চাৰ্লি নানে মত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বৰুৱাৰ জন্ম হৈছিল যোৰহাটত৷ যোৰহাটৰ তৰুণ ৰাম ফুকন পথৰ সমীপত তেওঁ একালত বাস কৰিছিল৷

যোৰহাটৰ প্ৰাক্তন সাংসদ ৰাজেন্দ্ৰনাথ বৰুৱাৰ নাতি চিৰন্তন বৰুৱাই শিক্ষা গ্ৰহণ কৰিছিল অসমীয়া মাধ্যমত৷ নামৰূপ মডেল স্কুলত তেওঁ স্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল৷
অসমীয়া মাধ্যমক লৈ শেহতীয়াকৈ বিতৰ্ক চলি থকাৰ সময়তে বৰুৱাই বিশ্বৰ এটা প্ৰখ্যাত ব্যৱলায়ী সংস্থাৰ শীৰ্ষস্থানীয় পদবী লাভ কৰাটোৱে বিশেষ মহত্ব লাভ কৰিছে৷

Leave A Reply