Breaking

৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিল অভিনয়, ২৫০ খনতকৈও অধিক ছবিত কৰিছিল অভিনয়…

0 105

জুনিয়ৰ মেহমুদৰ ৬৭ বছৰ বয়সত মৃত্যু: জুনিয়ৰ মেহমুদে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত ৭টা ভিন্ন ভাষাৰ ২৬৫খন ছবিত কাম কৰিছিল। জুনিয়ৰ মাহমুদে ৯ বছৰ বয়সতে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। শিশু শিল্পী হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৬৬ চনৰ ‘মোহব্বত জিন্দগী হায়’। ১৯৭১ চনত ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰে অভিনীত ছবি ‘ছ’তি বহু’ত জুনিয়ৰ মেহমুদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ছবিখনত জুনিয়ৰে নিকুৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোত হাস্যৰসৰ লগতে আৱেগিক স্পৰ্শও আছিল, যিয়ে সকলোৰে হৃদয় জয় কৰিছিল।

১৯৬৮ চনত শম্মি কাপুৰ আৰু মুমতাজ অভিনীত ‘ব্ৰহ্মচাৰী’ ছবিত অমিতৰ চৰিত্ৰত অভিনয় কৰিছিল। শিশু শিল্পী হিচাপে জুনিয়ৰ মেহমুদে ছবিখনত নিজৰ কমেডীৰে দৰ্শকক মনোৰঞ্জন দিছিল।

১৯৭১ চনত মুক্তি পোৱা ‘হাঠি মেৰে সাথী’ ছবিখন আছিল অতি আৱেগিক ছবি। বক্স অফিচ সংগ্ৰহৰ ক্ষেত্ৰত ১৯৭১ চনৰ আটাইতকৈ বেছি হিট ছবি আছিল ‘হাথী মেৰে সাথী’।

১৯৭০ চনত নিৰ্মিত সংগীত ৰোমান্টিক নাট্য ছবি ‘আন মিলো সজনা’ত ৰাজেশ খান্না আৰু আশা পাৰেখে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

জুনিয়ৰ মেহমুদে ১৯৬৭ চনৰ ‘নৌনিহাল’ ছবিত ‘বিল্লু’ নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল।


পাঁচ দশকৰো অধিক সময়ৰ কেৰিয়াৰত ২৫০খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

কৰ্কট ৰোগৰ সৈতে যুঁজি প্ৰবীণ অভিনেতা জুনিয়ৰ মেহমুদৰ ৬৭ বছৰ বয়সত ৮ ডিচেম্বৰৰ নিশা মুম্বাইত মৃত্যু হয়।





Leave A Reply