Breaking

১৭ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল কাম, দৰমহা পাইছিল ৩৫ টকা; এতিয়া কোটি টকাৰ মালিক…

0 46

চলচ্চিত্ৰ পৰিচালক, ষ্টাণ্টমেন, লেখক, প্ৰযোজক তথা টিভি পৰিচালক ৰোহিত শ্বেট্টীয়ে আজি ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে। ১৯৭৪ চনৰ ১৪ মাৰ্চত মুম্বাইত জন্মগ্ৰহণ কৰা ৰোহিত শ্বেট্টী আজি বলীউডৰ ডাঙৰ ডাঙৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত এজন। ‘গোলমাল’, ‘ছিংহাম’, ‘চেন্নাই এক্সপ্ৰেছ’ৰ দৰে ব্লকবাষ্টাৰ ছবি দিয়া ৰোহিত শ্বেট্টীৰ পিতৃ এম বি শ্বেট্টী আছিল একচন কৰিঅ’গ্ৰাফাৰ, ষ্টাণ্টমেন আৰু অভিনেতা। ৰোহিত শ্বেট্টীৰ মাতৃ মধু শ্বেট্টীয়েও চলচ্চিত্ৰ জগতত কনিষ্ঠ শিল্পী আৰু ষ্টাণ্ট মহিলা হিচাপে কাম কৰিছিল।

মাত্ৰ ১৭ বছৰ বয়সৰ পৰাই সহকাৰী পৰিচালক হিচাপে কাম আৰম্ভ কৰিছিল ৰোহিত শ্বেট্টীয়ে। তেওঁ প্ৰথমে অজয় ​​দেৱগনৰ অভিনীত ছবি ফুল ঔৰ কান্তেত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ পিছত তেওঁ অজয় ​​দেৱগনৰ সৈতে বহু ছবিত কাম কৰে। ইয়াৰ পৰাই তেওঁলোকৰ বন্ধুত্বৰ আৰম্ভণি হৈছিল। ৰোহিত শ্বেট্টীয়ে অজয় ​​দেৱগন আৰু অক্ষয় কুমাৰৰ বডি ডাবল হিচাপেও বহু ছবিত কাম কৰিছিল। ২০০৩ চনত অজয় ​​দেৱগন অভিনীত ছবি ‘জমীন’ৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ৰোহিতে। কিন্তু এই ছবিখনে বক্স অফিচত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে। ২০০৬ চনত অজয় ​​দেৱগন, তুষাৰ কাপুৰ, আৰ্ছাদ ৱাৰ্ছী, শৰ্মান যোশী, পৰেশ ৰাৱালৰ দৰে অভিনেতাৰ সৈতে ‘গোলমাল’ নিৰ্মাণ কৰিছিল ৰোহিত শ্বেট্টীয়ে। এই ছবিখনে যথেষ্ট সফলতা লাভ কৰিছিল আৰু ইয়াৰ পিছত ৰোহিত শ্বেট্টীয়ে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। আজি নিজৰ ছবিৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰা ৰোহিতে পূৰ্বতে জীৱনত বহু সংগ্ৰাম কৰিছে।

এক সাক্ষাৎকাৰত ৰোহিত শ্বেট্টীয়ে তেওঁৰ সংগ্ৰামৰ দিনবোৰৰ কথা কৈছিল। ৰোহিতে কৈছিল যে আগতে তেওঁ প্ৰতিদিনে ৩৫ টকা দৰমহা পাইছিল। তেওঁ কৈছিল যে এনেকুৱা দিনো আছিল যেতিয়া তেওঁ দৰমহা নাপায়, তেতিয়া তেওঁ খোজকাঢ়ি চিনেমাৰ চেটলৈ গৈছিল। ৰোহিতে কয় যে মানুহে ভাবে যে মোৰ যাত্ৰা নিশ্চয় সহজ আছিল কাৰণ মই এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছো যিটোৰ সৈতে ছবিৰ জগতখনৰ সৈতে সম্পৰ্ক আছে। কিন্তু তেনেকুৱা নহয়। বেছিভাগ সময়তে খাদ্য বা ভ্ৰমণৰ মাজৰ পৰা এটা বাছি ল’বলগীয়া হৈছিল।

Leave A Reply