Breaking

অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপত মুণ্ডহীন অৰ্ধগলিত মহিলাৰ মৃতদেহ উদ্ধাৰ

0 102

অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ এখন চেলুনৰ পিছফালে বেৰৰ কাষত উদ্ধাৰ কৰা হৈছে মুণ্ডহীন মহিলাৰ অৰ্ধগলিত মৃতদেহ।

কোনো লোকে মহিলাগৰাকীক শিৰচ্ছেদ কৰি পেলাই থৈ যোৱাৰ সন্দেহ। ইফালে মহিলাগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ কৰা হৈছে মুণ্ড।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এ এম চিলৈ প্ৰেৰণ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ। ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

Leave A Reply