Breaking

মাজবাটৰ চাহ বাগিছাত ছাত্ৰ-ছাত্ৰীক স্বাস্থ্য পৰীক্ষা

0 2,043

ওদালগুৰি জিলাৰ ওৰাং,ধনশ্ৰী,লামাবাৰী,বেটালী,মাজবাট,বেটিবাৰী,বাহিপুখুৰী  চাহ বাগিছা বিদ্যালয়ত ৪৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শ্ৰবণ জনিত ৰোগৰ  ৫দিনীয়া স্বাস্থ্য পৰীক্ষা  সুচাৰুৰূপে সম্পন্ন হয় ৷


ওদালগুৰি জিলাৰ NHM ওদালগুৰিৰ উদ্যোগত  Ear Screening camp Along with RBSK,MHT under NPPCD Programme  অধীনত যোৱা ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ বধিৰতা  পৰীক্ষা শিবিৰটো ১০ডিচেম্বৰত সামৰণি  পৰে ৷ সেই মৰ্মে ৬ডিচেম্বৰত ধনশ্ৰী,লামাবাৰী,৮ডিচেম্বৰত বেটিবাৰী,মাজবাট, ৯ডিচেম্বৰত ওৰাং,আৰু ১০ডিচেম্বৰত বাহিপুখুৰী,বেটিবাৰী চাহ বাগিছা বিদ্যালয় সমুহত শ্ৰবন  জনিত ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

এই উক্ত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  শিবিৰটোত ডাঃ সৌৰভ  কুমাৰ বৰ্মন,ডাঃ দীপাঞ্জলী বৰা,ডাঃ খগেন দাস,ডাঃ নবনীতা হাজৰিকা,ফাৰ্মাচীচ তৈইবুৰ ৰহমান,ইনামুল হক জাভেদ ,এ এন এম প্ৰণতি বসুমতাৰী, মেৰিনা বৰা,খণ্ড সমন্বয়ক  জুমীশ্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক  শ্ৰবণ জনিত ৰোগ সমুহৰ পৰীক্ষা কৰে ৷ এই অনুষ্ঠানটোত বাহিপুখুৰী চাহ বাগিছাৰ জ্যেষ্ঠ পৰিচালক তিলক ডেকাৰ লগতে  বিদ্যালয়ৰ প্ৰধান শিক্ষক ,সহঃ শিক্ষক আদি উপস্থিত থাকি  সহযোগিতা আগবঢ়ায় ৷

নব কুমাৰ ডেকা

Leave A Reply