Breaking

ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

0 2,186

ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী আহিব নোৱাৰিব। কৰ্মচাৰীসকলে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰ নিৰ্দেশ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। পৰ্যাপ্ত ভেকচিন মজুত থকাৰ পিছতো ভেকচিন গ্ৰহণ নকৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। একেদৰে ব্যৱসায়ীৰ ক্ষেত্ৰতো ভেকচিন নোলোৱা গৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়ী প্ৰতিষ্ঠান। এই নিৰ্দেশ নামানি প্ৰতিষ্ঠান খুলিলে উপাযুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিক ছীল কৰিব। এই কাৰ্যৰ বাবে উপাযুক্তক ক্ষমতা কৰা হৈছে। নিয়ম নামানিলে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰা হ’ব।আনহাতে সকলোচৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠান সন্মুখত থাকিব লাগিব চেলফ ডিকলাৰেশ্বন।

Leave A Reply