Breaking

নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শুভ উদ্ধোধন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

0 1,618

নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত নতুনকৈ স্থাপন কৰা ৬৮ খন অক্সিজেন যুক্ত বিচনা আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ লগে লগে নগাঁও জিলা বাসীৰ স্বাস্থ্য খণ্ডত দীৰ্ঘদিনীয়া অভাৱ পূৰণ হয়। বিশেষকৈ  অক্সিজেনৰ অভাৱ ঘটা কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ লগতে প্ৰয়োজনীয় অক্সিজেনৰ যোগান সুলভ হৈ পৰিল।আজি‌ দিনৰ ১১ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত কবিথা পদ্মনাভনক লগত লৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিড হস্পিতালখনত  ৬৮ খন অক্সিজেনযুক্ত বিচনাৰ শুভাৰম্ভ কৰে । অক্সিজেনযুক্ত বিচনা কেইখন ৰোগীৰ বাবে মুকলি কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই সংবাদ মাধ্যমৰ আগত কয় : স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈয়ে ১৫ দিনৰ ভিতৰত এই চিকিৎসালয়ৰ অক্সিজেনযুক্ত বিচনা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কৈছিলোঁ । কিন্তু বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ তৎপৰতাত ১৪ দিনতে এই কাম সম্পূৰ্ণ হৈ উঠিল। ইয়াৰ জৰিয়তে কোভিড আক্ৰান্ত ৰোগীসকল যথেষ্ট উপকৃত হব বুলি  আশা  কৰিছো। আনহাতে কোভিড- ১৯ ৰ সংক্ৰমণে বৰ্ত্তমান সমগ্ৰ ৰাজ্যজুৰি এক জটিল পৰিবেশ সৃষ্টি কৰা বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কোভিড -১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষাৰ স্বার্থত চিকিৎসা সেৱাকে ধৰি সকলো  ক্ষেত্ৰতে মিত্ৰ জোঁটৰ চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰি আহিছে । সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো কোভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা সেৱাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৰাজ্যত কোভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হব বুলিও স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ।ইপিনে তামোলপুৰ সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক লেহুৰাম বড়োৰ মৃত্যুত শোক প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় : তেওঁক খুব কম দিনৰ বাবে বিধানসভাত পালো। তেওঁৰ বিয়োগত আমি মৰ্মাহত । আজিৰ কাৰ্যসূচীত বিধায়ক ৰূপক শৰ্মা, জিলা উপায়ুক্ত কবিথা পদ্মনাভন,  অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)  প্ৰশান্ত বৰুৱাৰ লগতে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ পিছতে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰটো পৰিদৰ্শন কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কোভিড আক্ৰান্ত শিশু আৰু মহিলা ৰোগীৰ স্বাস্থ্যৰ বুজ লয় । স্বাস্থ্য মন্ত্ৰীয়ে বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতী আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াৰে কোভিড কেয়াৰ চেন্টাৰটোৰ সা-সুবিধা সন্দৰ্ভত এক আলোচনাত মিলিত হয় ।

Leave A Reply