Breaking

দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 2,089

দুধনৈত নতুনকৈ স্থাপন হ’বলগীয়া অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে দুধনৈৰ উদয়পুৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে। আজি মন্ত্ৰী গৰাকীয়ে দিনৰ প্ৰায় ১১ বজাত দুধনৈত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি আয়ুৰ্বেদিক কলেজ স্থাপনৰ বাবে সংৰক্ষিত কৰি ৰখা ১৫৬ বিঘা মাটি পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া সকলৰ সৈতেও আলোচনা কৰে। মন্ত্ৰী গৰাকীয়ে জানিবলৈ দি কয় যে শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হ’ব দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়খন। উল্লেখযোগ্য যে দুধনৈত উপস্থিত হৈয়ে আগন্তুক শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ আজি সন্ধিয়া নতুন এছ অ পি প্ৰকাশ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷ এই এছওপি খন প্ৰকাশ পালেহে দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব পূজা পৰিচালনা সমিতি সমূহে ৷ পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাও আজি সন্ধিয়াই প্ৰকাশ কৰিব স্বাস্থ্য বিভাগে ৷ আনহাতে নৱম, দশম শ্ৰেণীৰ পাঠদান সম্পৰ্কতো মন্তব্য কৰে কেশৱ মহন্তই ৷ এই শ্ৰেণী সমূহ এতিয়া খোলাৰ কোনো সম্ভাৱনা নাই বুলি কলে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে দুধনৈত ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়ত অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ঘোষণা কৰে কেশৱ মহন্তই।

ইতিমধ্যে চিকিৎসালয়খন চোৱাচিতাৰ বাবে আজিৰ পৰাই দুজন চৰকাৰী ব্যক্তিক নিযুক্তি দিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ লগতে আয়ুষ বিভাগৰ এটি প্ৰতিনিধি দলক চিকিৎসালয়খনৰ সামগ্ৰীক পৰিবেশ বুজ লোৱাৰ বাবে দুধনৈলৈ পঠিয়াব বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে মন্ত্রী গৰাকীয়ে। উল্লেখ্য যে ২০১৭ বৰ্ষৰ ২৩ ডিচেম্বৰত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুধনৈৰ উদয়পুৰত আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল৷ ইতিমধ্যে সম্পূৰ্ণ হোৱা এই চিকিৎসালয়খন গোৱালপাৰা জিলা প্ৰশাসনক হস্তান্তৰ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ প্ৰণিধানযোগ্য যে ১৯৪৮ চনত গুৱাহাটীত অসমৰ প্ৰথমখন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় দুধনৈত স্থাপন কৰাক লৈ উৎফুল্লিত হৈ পৰিছে দুধনৈবাসী ৰাইজ৷ আজি স্বাস্থ্যমন্ত্রী গৰাকীয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ সময়ত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, আয়ুষ বিভাগৰ আয়ুক্ত সচিব, সঞ্চালকৰ লগতে গোৱালপাৰা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অভিজিত বসু, দুধনৈ চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডিম্বেশ্বৰ বসুমতাৰী, গোৱালপাৰা জিলা অতিৰিক্ত উপায়ুক্ত, দুধনৈ ৰাজহ চক্রৰ চক্ৰ বিষয়া, জিলা বিজেপিৰ নেতা শ্যামজিৎ ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্রি দাস, সাধাৰণ সম্পাদক বিপুল ৰাভাৰ উপৰি কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply