Breaking

চিকিৎসক অথবা স্বাস্থ্যকৰ্মীৰ গাৰ নোম এদালটো যদি হাত দিয়ে তেন্তে কথা বিষম হ’ব : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

0 608

” কৰ্মৰত চিকিৎসক অথবা  স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰাটো বাদেই তেওঁলোকৰ গাৰ  নোম এদালটো যদি কোনোবাই হাত দিয়ে তেন্তে কথা বিষম হ’ব। এনে ঘটনাক কোনো কাৰণতে সহ্য কৰা ন’হব। হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত কৰ্মৰত অৱস্থাত চিকিৎসক প্ৰহৃত হোৱা ঘটনাৰ ৰিজাল্ট  আজি ৰাতিৰ ভিতৰতে   পাব।” কালি নিশা নগাঁৱত উপস্থিত হৈ  চিকিৎসকক প্ৰহাৰ কৰা দুষ্কৃতিকাৰীক এনেদৰে কঠোৰ সকিয়নী দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কালি নিশা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী মহন্তই হোজাই জিলাৰ লংকাৰ ফুলতলী কোভিড চিকিৎসালয়ত সংঘটিত বৰ্বৰোচিত ঘটনাৰ বলি হোৱা চিকিৎসক ডা: সেউজ কুমাৰ সেনাপতিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। আহত চিকিৎসক গৰাকীক প্ৰত্যক্ষ কৰাৰ পিছত ক্ষোভিত হৈ পৰা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক কয় : ঘটনাত জড়িত সকলোকে বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহা হ’ব। এনে জঘন্য কাৰ্য কোনো কাৰণতে সহ্য কৰা ন’হব।ভৱিষ্যতে সকলো কোভিড কেয়াৰ চেণ্টাৰত পৰ্য্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে । আনহাতে নগাঁৱৰ পৰা নিশাই স্বাস্থ্যমন্ত্ৰী গৰাকী হোজাইলৈ ৰাওনা হয়। হোজাইত আহত আন স্বাস্থ্যকৰ্মীৰ খবৰ লোৱাৰ লগতে জিলা প্ৰশাসনক এই ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰেই আটক কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে মানৱ সেৱাৰ মানসৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা ডাঃ সেউজ কুমাৰ সেনাপতিয়ে চিকিৎসালয়খনত যোগদানৰ দ্বিতীয় দিনটোতে নিকৃষ্ট মানসিকতাৰ একাংশ বৰ্বৰ লোকৰ পাশৱিকতাৰ বলি হ’ব লগাত পৰে । নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ শিক্ষা বিষয়া চন্দ্ৰকান্ত সেনাপতিৰ পুত্ৰ মেধাসম্পন্ন সেউজ কুমাৰ সেনাপতিয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মত যোগদান কৰে। কিন্তু কালি দিনটোত চিকিৎসালয়খনৰ কোভিড ৱাৰ্ডত এজন  কোভিড ৰোগীৰ  মৃত্যুক কেন্দ্ৰ কৰি ৰোগী জনৰ আত্মীয় তথা একাংশ আদিম মানসিকতাৰ জঘন্য লোকৰ পাশৱিক আক্ৰমণৰ বলি হবলগাত পৰে চিকিৎসক গৰাকী। কালি নিশা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা অৱস্থাত চিকিৎসক সেউজ কুমাৰ সেনাপতিয়ে সংবাদমাধ্যমক  জানিবলৈ দিয়া মতে আক্ৰমনকাৰীয়ে তেওঁক লোহাৰ ৰড, লাঠী, চৰিয়া আদিৰে দলবদ্ধ ভাবে আক্ৰমণ কৰাৰ উপৰি তেওঁৰ মোবাইল ফোন আৰু সোণৰ চেইন আদি কাঢ়ি লৈ যায়।আনকি তেওঁৰ চশমাযোৰো আক্ৰমণকাৰীয়ে ভাঙি পেলায়।সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা এজন নিৰপত্তাৰক্ষীয়ে চিকিৎসক গৰাকীক আক্ৰমণকাৰীৰ কবলৰ পৰা মুক্ত কৰা চেষ্টা কৰে যদিও বিফল হয়।ইয়াৰ মাজতে চিকিৎসক গৰাকীয়ে নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা পলায়ন কৰে। চশমা অবিহনে অসুবিধাৰ সন্মুখীন হৈয়ো ১২ কিলোমিটাৰ গাড়ী চলাই অহা  চিকিৎসক সেনাপতিক অৱশেষত এজন লোকে  উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়লৈ লৈ আহে। সম্প্ৰতি চিকিৎসক গৰাকী গুৱাহাটী মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।আনহাতে চিকিৎসক গৰাকীৰ গৃহভূমি নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ ৰাইজে কালি সংঘটিত ডা: সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা লগতে দোষীক উচিত শাস্তি প্রদানৰ দাবী জনায়।ইতিমধ্যে এই ঘটনাত জড়িত ৫জনক আৰক্ষীয়ে অতি তৎপৰতাৰে  কালি নিশাই বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে ইয়াৰে দুজন লস্কৰ পথাৰৰ জয়নাল উদ্দিন আৰু কামাল উদ্দিন আৰু আন এজন বামুণ গাঁৱৰ তৈয়বুৰ ৰহমান । পৰবৰ্তী সময়ত উদালী ফুলতলী কভিড চিকিৎসালয়ৰ চিকিৎসক  সেউজ কুমাৰ সেনাপতিৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪ জন অপৰাধীক  হোজাই আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে ৷ এই ঘটনা সন্দৰ্ভত অতি শীঘ্ৰে দাখিল কৰা হ’ব অভিযোগনামা ।চিকিৎসক সেউজ কুমাৰ সেনাপতিৰ আক্ৰমণত জড়িত  অপৰাধাত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী সমূহ ক্ৰমে ম:কামাৰুদ্দিন,ম:জৈনালুদ্দিন ম: ৰাহানুদ্দিন,চাইফুল আলম ৰহিমুদ্দিন,ৰিজুল ইছলাম,টাইবুৰ ৰহমান , ৰহিমুদ্দিন,আব্দুল কালাম,নুৰজুল ইছলাম,আব্দুল গুমি,দিলৱাৰ হুছেইন,আব্দুল হুছেইন, আনোৱাৰ হুছেইন,ইক্ৰামুল হুছেইন,নাছিৰুদ্দিন ,আলিমুদ্দিন,জামিল আহমেদ,চাহিল ইছলাম, চৰিফুদ্দিন,চাফিকুদ্দিন,মফিজুৰ ৰহমান.,মতিবুৰ ৰহমান আৰু মিচবা বেগম।

Leave A Reply