Breaking

ওৰাঙত উৰা বাতৰিৰ ফলত হাৰাশাস্তি খাইছে স্বাস্থ্য কৰ্মীয়ে

0 2,241

মাৰাত্মক ক’ভিড ১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত ৰাখিবলৈ বিজেপি নেতৃত্বাধীন  ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰাত সমগ্ৰ ৰাজ্যৰ  স্বাস্থ্য কৰ্মী সকলে সৰ্বসাধাৰণ ৰাইজৰ গাঁৱে গাঁৱে ঘৰে ঘৰে স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্ৰাণ চেষ্টা চলাই আহিছে  ৷ তেনে সময়তে ওদালগুৰি জিলাৰ ওৰাং  খণ্ড   প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ কেইবাটাও ভিতৰুৱা গাঁওৰ ৰাইজৰ মাজত উৰাবাতৰিৰ প্ৰভাৱে স্বাস্থ্য কৰ্মী সকলক বাৰুকৈ শলঠেকত পেলাইছে । এইবাৰ এনে এক ঘটনাই চিন্তিত কৰিছে অঞ্চলৰ সচেতন ৰাইজক ।  ওদালগুৰি জিলাৰ ওৰাং  খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ পাউৰীপোটা  ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত কছাৰী ভেটি গাঁওৰ এজন সংখ্যালঘু সাম্প্ৰদায়ৰ লোকে ভেকচিন গ্ৰহণ কৰাত বাৰম্বাৰ মানা কৰি অহাৰ বাবে উক্ত লোক জনৰ বাসগৃহত গৈ  ওৰাং স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী আৰু আশা চুপাৰ ভাইজাৰ বিজুলী কলিতা দাস  সহ কেইবাজনো স্বাস্থ্য বিভাগৰ কৰ্মচাৰী উপস্থিত হয় । স্বাস্থ্য কৰ্মী সকলে উক্ত গাঁওৰ সংখ্যা লঘু সাম্প্ৰদায়ৰ লোকজনক ভেকচিন লবলৈ আহ্বান জনোৱাত অন্ধবিশ্বাস , উৰা বাতৰিৰ প্ৰকোপত কৰা উক্ত লোক জনে স্বাস্থ্য কৰ্মী সকলক মুছলিম সাম্প্ৰদায়ৰ লোকক দিয়া  ভেকচিন আৰু হিন্দু সকলক দিয়া ভেকচিন ভিন্ন ভিন্ন । ৰোগৰ পৰা মুক্ত পোৱা ভেকচিন হিন্দু সকলক দিয়া হয় আৰু মুছলমান লোক সকলক অতি সোনকালে  মাৰি পেলাবলৈ কভিড  ভেকচিন দিয়া বুলি অপ্ৰচাৰ চলাই থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷হকে বিহকে ব্যাপক হাৰত কভিড ভেকচিনৰ সম্পৰ্কে অপ্ৰচাৰ,উৰা বাতৰি আদি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ সুব্যৱহাৰ গ্ৰহন কৰিবলৈচৰকাৰ ,সংশ্লিষ্ট বিভাগক ওদালগুৰি জিলা সচেতন নাগৰিক সমাজে দাবী জনাইছে ৷

Leave A Reply