Breaking

দৰং জিলাৰ দেউমৰনৈ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা

0 254

ওদালগুৰি

মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা  দেওমৰনৈ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক দৃষ্টি নামৰ ছ’চি মিডিয়া গ্ৰুপৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা আয়োজন কৰা হৈছিল ৷ ক’ভিড-১৯ য়ে বিশ্বত যি মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সৰ্বজন বিদিত৷ এই যুদ্ধত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি বিশ্বৰ সকলো ঠাইতে সদায় সজাগ আৰু সচেতন হৈ আছে স্বাস্থ্য কৰ্মী৷ সেয়ে ক’ভিড-১৯ৰ  বিৰুদ্ধে যুদ্ধত যোদ্ধাৰ ভূমিকা গ্ৰহণ কৰা দৰং জিলাৰ দেওমৰনৈ অসামৰিক চিকিৎসালয়ত কৰ্মৰত সকলো স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনায় আৰু এই বৃহৎত্তৰ অঞ্চলবাসীক যি সেৱা আগবঢ়াই আছে তাৰ বাবে এই দৃষ্টি গ্রুপটোই দেওমৰনৈৰ অসামৰিক চিকিৎসালয়ৰ সকলো স্বাস্থ্য কৰ্মীক ধন্যবাদ জনাই আৰু এই গ্রুপটো হৈ অনিল শৰ্মাই দেওমৰনৈ চিকিৎসালয়ৰ উপাধ্যক্ষ ডাক্তৰ কমলা কান্ত শৰ্মাক সম্বৰ্ধনা জনোৱাৰ উপৰি এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে আৰু সকলো স্বাস্থ্য কৰ্মীক অসমীয়াৰ জাতিৰ সন্মান এখনিকৈ ফুলাম গামোচাৰে আদৰণি জনায়৷

Leave A Reply