Breaking

বাছ ভাড়াক কেন্দ্ৰ কৰি দুলীয়াজানৰ নতুন বাছ আস্থানত উত্তপ্ত পৰিস্থিতি

0 2,044

আজি দুলীয়াজানৰ নতুন বাছ আস্থানত যাত্ৰীবাহী বাছ- ট্ৰেভেলাৰ মালিক আৰু চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে দুলীয়াজানৰ নতুন বাছ আস্থানত যাত্ৰীবাহী বাছ, ট্ৰেভেলাৰ আৰু মেজিক সমূহৰ চলাচল বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছ । ইয়াৰ পৰিপ্ৰেক্ষিতত যাত্ৰী সকলৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় । উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহন বিভাগে যাত্ৰীবাহী গাড়ী আৰু ট্ৰেভেলাৰ সমূহৰ নথি-পত্ৰ সমূহ ৩০ ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু কিছু দিনৰ পৰা পৰিবহন বিভাগে বাছ আৰু ট্ৰেভেলাৰ সমূহৰ পৰা ১২ ৰ পৰা ১৫ হেজাৰ বিভিন্ন অজুহাত দেখুৱাই আদায় কৰি আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে গাড়ীৰ মালিক সকলে স্বইচ্ছাই ভাড়া বৃদ্ধিকলৈ পৰিবহণ বিভাগে মালিক সকলক ভাড়া বৃদ্ধি নকৰিবলৈ কঠোৰ নিৰ্দ্দেশনা জাৰি কৰিছে । ইয়াকলৈ ক্ষুদ্ধহৈ পৰিছে মালিক আৰু চালক সন্থাই । কৰ’ণাসৃষ্ট পৰিবেশৰ লগতে দৈনিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে এক প্ৰকাৰে সকলোকে কোঙা কৰি পেলাইছে । তেনে ক্ষেত্ৰত গাড়ীৰ ভাড়া বৃদ্ধি নকৰি গাড়ী চলোৱা অসম্ভৱ বুলি মন্তব্য কৰিছে মালিক আৰু চালক সন্থাই । ইফালে যাত্ৰী সকলে গাড়ীৰ ভাড়া অত্যাধিক হোৱা বুলি অভিযোগ উত্থাপন কৰে । এনে পৰিস্থিতিত চৰকাৰৰ পৰা ইতিবাচক সহাৰি বিছাৰিছে প্ৰতিবাদকাৰীয়ে । শীঘ্ৰে চৰকাৰৰ পৰা ইতিবাচক সহাৰি নেপালে প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বাহন চালক আৰু মালিক সন্থাই ।

Leave A Reply