বৰষুণত বিধ্বস্ত নলবাৰী চহৰৰ পথ: পানীত বুৰ গল দুই বৃহৎ গুদামৰ খাদ্য সামগ্ৰী

এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে নলবাৰী চহৰৰ বাটপথ। লক্ষণীয় ভাবে বছৰৰ পিছত বছৰ ধৰি এজাক বৰষুণতে কৃত্ৰিম বানপানী সৃষ্টি হৈ অহাত ৰাইজে যম যাতনা ভুগি থাকিব লগীয়া হৈছে। আজি পুৱাৰ ভাগত অহা বৰষুণৰ ফলত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ, হাজো পথ, এম এন চি কলেজ পথ, ত্ৰৈলোক্য নাথ গোস্বামী পথ, গোপাল বজাৰ আদিকে ধৰি চহৰৰ প্ৰায়ভাগ পথ পানীত বুৰ গৈছে। এনে পৰিস্থিতিৰ বাবে যাতায়তত পথচাৰীয়ে দুৰ্ভোগ ভুগিব লগীয়া হৈছে। বৰষুণৰ ফলত আজি চহৰৰ বৰুৱা ৰোডত থকা মেচাছ বিজয় কুমাৰ জৈন গেলামাল আৰু চাউলৰ দোকান সহ গুদামৰ ভিতৰত একাঠু পানী হৈছে। ফলত প্ৰায় তিনি লাখ টকাৰ খাদ্য সামগ্ৰী নষ্ট হৈ গৈছে। একেটা পথত থকা ইন্দৰচন মহাবীৰ প্ৰসাদৰ গেলামাল ষ্টেছনাৰীৰ দোকান সহ চাউলৰ গুদামত পানী সোমাই পৰাই তিনি চাৰি লাখ টকাৰ খাদ্য সামগ্ৰীৰ ক্ষতি হৈছে। কেৱল সেয়াই নহয় মালিকুছি গাঁওৰ উৰ্বশী দেৱী(ঠিকাদাৰণী), সৰ্বেশ্বৰ শৰ্মাৰ ঘৰ চোতালত এতিয়াও একাঠু পানী। এইখন গাঁওৰে মাধৱ শৰ্মাৰ ঘৰৰ চোতালেৰেৰ প্ৰচণ্ড পানীৰ সোঁত বৈছে। পানীৰ ফলত দীঘেলি, মালিকুছি, পয়লা, বৰ্ধাৰী আদি গাঁওৰ গৰু ছাগলী গৃহবন্দী হৈ আছে। বিপদত পৰিছে পশু পালক সকল।

Related Articles