Breaking

অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ডুবিল চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল

0 1,571

যোৱা নিশা চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ঘঘৰা নদীয়েদি নামি অহা পানীৰ ধলে ডুবাই ৰাখিছে চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল৷ পুৱাৰ ভাগত অহা প্ৰবল বানে মুক্তিয়াৰ পঞ্চায়তৰ মহাৰাণীপুৰ, ২ নং কমলপুৰ, ১ নং কাকোবাৰী, বোকাবিল, কাকোবাৰী কমলপুৰ, দহঘৰীয়া আদি গাঁও ডুবাই ৰখাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে৷ বানৰ ফলত চিলাপথাৰ নগৰলৈ কাম কৰিবলৈ অহা শ্ৰমিক-কৰ্মচাৰীসকল কৰ্মস্থলীলৈ আহিব নোৱাৰিলে৷ সম্প্ৰতি সম্পূৰ্ণ বাঢ়নী পানীৰ তলত বাসগৃহ, খেতিপথাৰ, পথ আদি৷ প্ৰতিবছৰে এনেদৰে ঘঘৰা নদীৰ বাঢ়নী পানীৰ ফলত সৰ্বশ্ৰান্ত হোৱা বৃহৎ অঞ্চলৰ ৰাইজে বিজ্ঞানসন্মতভাৱে বান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰক দাবী জনাইছে৷

Leave A Reply