Breaking

হোজাইত ‘হেল্লো আজমল’ পৰিসেৱা মুকলি

0 2,063

হোজাই জিলাৰ কোভিড ৰোগীৰ আত্মীয়ৰ সুবিধাৰ্থে ‘হেল্লো আজমল’ নামেৰে আজমল ফাউণ্ডেচনে  আৰম্ভ কৰিছে খাদ্য সামগ্রী যোগানৰ পৰিসেৱা। সেই উপলক্ষে আজি আজমল হাউছত ফ্লেগ অফ কৰি পৰিসেৱাৰ শুভাৰম্ভ কৰে যমুনামুখ সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে। উল্লেখ্য যে কোভিডৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা উক্ত পৰিসেৱাৰ জৰিয়তে কোভিড আক্ৰান্ত পৰিয়ালৰ লোকে খাদ্যসামগ্ৰী লাভ কৰিবলৈ  দুটা ফোন নম্বৰো দিয়া হৈছে।জিলাখনত কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা উক্ত  পৰিসেৱাৰ নম্বৰ দুটা হৈছে  93947-46234 / 93948-91480 । পুৱা ১০ বজাৰ পৰা আবেলি ৬ বজাৰ ভিতৰত খাদ্য সংকটত ভোগা কোভিড আক্ৰান্ত পৰিয়ালে উল্লিখিত ফোন নম্বৰ দুটাত কল কৰিলেই খাদ্য সামগ্রী ঘৰতে লাভ কৰিব বুলি আজমল ফাউণ্ডেচনৰ ফালৰ পৰা জানিবলৈ দিছে। উক্ত পৰিসেৱাটি শুভাৰম্ভ কৰে বিধায়ক চিৰাজউদ্দিন আজমলে।

Leave A Reply