Breaking

চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…

0 40

চতিয়াৰ সাপেখাটিত আজি পুৱতি নিশা এখন ডাম্পাৰে সাপেখাটি দলঙৰ ৰেলিংত খুন্দিয়াই এক দুৰ্ঘটনা সংঘটিত কৰে ৷অঞ্চলৰ টোৰ প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে আজি পুৱতি নিশা দলং খনৰ ৰেলিং ভাঙি এখন ডাম্পাৰ নং AR04A1895 ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷লোক কেইজনে বিপদজনক অৱস্থাত ডাম্পাৰখন ওলমি থকা দেখি চতিয়া আৰক্ষীক খবৰ দিয়ে ৷চতিয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰখন নিৰীক্ষণ কৰোতে গাড়ীখনৰ সন্মুখভাগত টুথপেষ্টৰে লিখি থোৱা এটা ফোন নাম্বাৰ প্ৰত্যক্ষ কৰে ৷

আৰক্ষীয়ে নাম্বাৰটোলৈ ফোন কৰাত দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰখনৰ সকলো তথ্য ওলাই পৰে ৷উল্লেখ্য যে উক্ত ফোন নাম্বাৰটো ডাম্পাৰখনৰ চালকৰ আছিল ৷চতিয়া আৰক্ষীয়ে জনোৱা মতে ডাম্পাৰখন বালিপৰাৰ কোনো নিৰ্মাণ প্ৰতিষ্ঠানৰ ৷ কাম চলি থকা স্থানৰ পৰাই নিশা হেন্দিমেনে চালকৰ অগোচৰে ডাম্পাৰখন চলাই আহি চতিয়াৰ সাপেখাটি দলংখনত পুৱতী নিশা দূৰ্ঘটনা সংঘটিত কৰে ৷

হেন্দিমেনজনে ডাম্পাৰখন চুৰি কৰাৰ উদ্দেশ্যে নে লেবেল দি ডাম্পাৰ লৈ আলহী খাবলৈ আহিছিল সেইটো বৰ্তমানেও পোহৰলৈ অহা নাই ৷চতিয়া আৰক্ষীৰ তদন্তত হে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷সি যি কি নহওক পুৱতি নিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যে হেন্দিমেনজন বাচিল সি ধুৰূপ

Leave A Reply