Breaking

ৰাজস্থানত হেৰাল ই ভি এম ! নিলম্বিত নিৰ্বাচনী বিষয়া…

0 54

ৰাজস্থানত হেৰাল ই ভি এম ! নিলম্বিত নিৰ্বাচনী বিষয়া। ৰাজস্থানত মূৰ দাঙি উঠিছে ই ভি এম বিতৰ্কই। ভোটগ্ৰহণৰ পিছতে ভোটিং মেচিন গণনা কেন্দ্ৰৰ পৰা নাইকিয়া হোৱাৰ অভিযোগ উঠিছে। এনে অভিযোগৰ পিছতে নিৰ্বাচন আয়োগে সংশ্লিষ্ট নিৰ্বাচনী বিষয়াজনক নিলম্বন কৰিছে। ৰাজস্থানৰ ১৯৯ খন আসনৰ বাবে ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। পিছদিনা, ২৬ নৱেম্বৰত, এটা ইভিএম নোহোৱা হৈ পৰে। ইভিএমটো জিলা নিৰ্বাচন বিষয়া পংকজ জাখৰৰ গাড়ীত থোৱা হৈছিল। ইভিএম নিৰুদ্দেশ হোৱাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰা হৈছিল। আৰক্ষীয়ে অনুসন্ধান কৰিছিল যদিও ইভিএমটো উদ্ধাৰ কৰিব পৰা নাছিল। নিৰ্বাচন আয়োগে অৱশ্যে স্পষ্ট কৰি দিছে যে হেৰুওৱা ই ভি এম নিৰ্বাচনী কামৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল।

ভোটদানৰ বাবে ব্যৱহৃত ই ভি এমবোৰ সুৰক্ষিত হৈ আছে। এই ই ভি এমবোৰৰ নিৰাপত্তাও শক্তিশালী কৰা হৈছে। নিৰ্বাচনী বিষয়াৰ জিম্মাৰ পৰা ই ভি এম হেৰুওৱাৰ কথা প্ৰমাণ হোৱাৰ পিছত তেওঁকো নিলম্বিত কৰা হৈছে। অৱশ্যে কংগ্ৰেছে সন্দেহ কৰিছে যে ই ভি এম নিৰুদ্দেশ হোৱাৰ আঁৰত ষড়যন্ত্ৰ থাকিব পাৰে। লক্ষণীয় যে বিভিন্ন এক্সিট প’লে ২০০ আসনৰ ৰাজস্থান বিধানসভাত এক কঠিন যুঁজৰ ইংগিত দিছে।

Leave A Reply