Breaking

‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

0 6,340

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হ’ল অনুৰাধা শৰ্মা পূজাৰী। ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী। প্ৰথিতযশা সাহিত্যিক-সাংবাদিকগৰাকীয়ে ইয়াৰ পূৰ্বে কেইবাটাও বঁটা লাভ কৰিছিল। ২০১৩ চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে।২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা লাভ কৰিছিল। অনুৰাধা শৰ্মা পূজাৰীৰ অন্যতম এখন জনপ্ৰিয় গ্ৰন্থ চাহেবপুৰাৰ বৰষুণ। অসম সাহিত্য সভাই ২০০৩ চনত এই উপন্যাসখনৰ বাবে শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা লাভ কৰিছিল।‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থত লিখিছে- ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ বাসস্থানৰ প্ৰয়োজন। কিন্তু সেইবুলি নিজক নিৰাপদ কৰিবলৈ জানো আনক নিৰাপত্তাৰ পৰা বঞ্চিত কৰাটো উচিত। প্ৰকৃতিৰ অমূল্য দান ধ্বংস কৰিলে মানৱ সভ্যতাৰ উত্থান হ’বনে? এখন অৰণ্য যেতিয়া নিজে গঢ়ি তোলা অতি দুৰূহ তেন্তে সেইখন ধ্বংস কৰাৰ অধিকাৰো মানুহৰ নাই। এখন অৰণ্যৰ, এটা পাহাৰৰ ওপৰত আধাৰিত ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থখন।মহানগৰীৰ অৰণ্য দখল কৰি হেঁপাহৰ ঘৰসজা এজাক মানুহ আৰু হেঁপাহৰ অৰণ্যখন নহ’লে থাকিব নোৱাৰা অনেক প্ৰাণীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশে পাইছে উপন্যাসখনত। ৰাজনৈতিক কথা-বাৰ্তাৰ পৰা আন্তৰিক আবেদনলৈকে কিতাপখনত সন্নিৱিষ্ট আছে অলেখ সাধুৰ দৰে কাহিনী৷ প্ৰতিটো বাক্যতে যেন লুকাই আছে অব্যক্ত বেদনা। কিতাপখনৰ মূল বিষয়বস্তু আমচাং অৰণ্য আৰু উচ্ছেদ। আমচাং অৰণ্যৰ পৰা জনবসতিৰ উচ্ছেদৰ সামগ্ৰিক পৰিৱেশ সুন্দৰকৈ বৰ্ণিত হৈছে গ্ৰন্থখনত। খুব সুক্ষ্মভাবে আমচাং কেনেকৈ অৰণ্যৰ পৰা জনঅৰণ্য হ’ল, কিদৰে হাবি-বননি উচন হ’ল, অৰণ্যৰ আৰু মানুহৰ মাজৰ সংঘাতৰ বিষয়ে উপস্থাপন কৰিছে গ্ৰন্থখনত।

১৯৬৪ চনত যোৰহাটত জন্মগ্ৰহণ কৰা অনুৰাধা শৰ্মা পূজাৰীয়ে দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। কলকাতাৰ পৰা ঘূৰি অহাৰ পিছত দীঘলীয়া সময় সাংবাদিকতা আৰু সাহিত্য ক্ষেত্ৰত জড়িত হৈ আছে। প্ৰথমখন উপন্যাস হৃদয় এক বিজ্ঞাপনৰ যোগেদি প্ৰভূত জনপ্ৰিয়তা লাভ কৰে। উপন্যাসখনৰ ১৫টা সংস্কৰণ প্ৰকাশ পাইছে আৰু যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে। এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল।

অনুৰাধা শৰ্মা পূজাৰীৰ আন আন প্ৰকাশিত তথা জনপ্ৰিয় গ্ৰন্থসম্ভাৰৰ ভিতৰত আত্মজীৱনীমূলক প্ৰবন্ধ সংকলনৰ ভিতৰত কলিকতাৰ চিঠি, ডায়েৰি, আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু আৰু অট’গ্ৰাফ।গল্প সংকলনৰ ভিতৰত আছে বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়’গ্ৰাফী আৰু কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া। জনপ্ৰিয় উপন্যাসৰ তালিকাত হৃদয় এক বিজ্ঞাপন, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, নীল প্ৰজাপতি, সোণ হৰিণৰ চেঁকুৰ, ব’ৰাগী নদীৰ ঘাট আৰু ৰাগ-অনুৰাগ ইত্যাদি।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওপৰত ভিত্তি কৰি লিখা নাহৰৰ নিৰিবিলি ছাঁ আৰু ইন্দিৰা মিৰিৰ ওপৰত আধাৰিত সেই সময়ৰ সামগ্ৰিক শদিয়া আৰু অৰুণাচলৰ পৰিৱেশৰ ওপৰত মেৰেংখনো অন্যতম উল্লেখনীয় উপন্যাস।

Leave A Reply