Breaking

চৰকাৰী আৱাস খালী কৰাৰ জাননীৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কি ক’লে…

0 71

চৰকাৰী আৱাস খালী কৰাৰ জাননীৰ প্ৰতি ৰাহুল গান্ধীয়ে প্ৰতি সঁহাৰি জনাইছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিপদ যেন ক্ৰমাগতভাৱে বাঢ়িছে। চৰকাৰী আৱাস খালী কৰাৰ জাননীৰ ওপৰত উত্তৰ দি কয় এই ঘৰটোৰ লগত তেওঁৰ বহু স্মৃতি সংলগ্ন হৈ আছে বুলিও তেওঁ কয়। আৱাস খালী কৰিবলৈ কোৱা পত্ৰৰ উত্তৰ দি লোকসভাৰ উপ-সচিবক ধন্যবাদ জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। তেওঁ লিখিছে, তেওঁ এই আদেশ মানি চলিব। ইয়াৰ সমান্তৰালকৈ ৰাহুলে লগতে কয় যে ১২ তুগলক লেনত থাকি সাংসদ হিচাপে বাংলোত থকাৰ সময়ত তেওঁৰ বহু স্মৃতি আছে, কিন্তু এতিয়া তেওঁক দিয়া আদেশ মানি চলিব।

একে সময়তে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ঘৰ খালী কৰাৰ জাননী সন্দৰ্ভত কয় যে এইসকল লোকে ৰাহুল গান্ধীক দুৰ্বল কৰি তুলিবলৈ চেষ্টা কৰি থাকিব। ৰাহুলে ঘৰ খালী কৰিলেও মাতৃ ছোনিয়া গান্ধীৰ লগত থাকিব পাৰে বা মোৰ ওচৰলৈ আহিব পাৰে। আচলতে লোকসভাৰ পৰা অযোগ্য হোৱাৰ পিছত লোকসভাৰ গৃহ নিৰ্মাণ সমিতিয়ে ৰাহুল গান্ধীক আবণ্টিত ঘৰ খালী কৰাৰ জাননী দিছে । জাননী অনুসৰি অহা ২২ এপ্ৰিলৰ ভিতৰত ৰাহুলে ঘৰ খালী কৰিব লাগিব।

মোডী উপাধিৰ গোচৰত ৰাহুল গান্ধীক চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ড বিহিছিল। আদালতৰ এই সিদ্ধান্তৰ পিছতে লোকসভা সচিবালয়ে ৰাহুলৰ সদস্যপদ বাতিল কৰে। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ অধীনত অধ্যক্ষই ব্যৱস্থা গ্ৰহণ কৰে।

Leave A Reply