Breaking

লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…

0 98

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে নিষিদ্ধ ঘোষিত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে বাছি লৈছে ভাৰতীয় ৰেল। প্ৰতিদিনেই ৰেলৰ যোগেদিয়েই নিষিদ্ধ ঘোষিত মাৰাত্মক ড্ৰাগছ সৰবৰাহ হৈ আ্ছে।ৰাজ্য চৰকাৰৰ প্ৰতিবন্ধকতা থকাৰ পিছতও বন্ধ হোৱানাই ড্ৰাগছৰ কলা বেহা।পূৰ্বেও ৰেল আৰক্ষী আৰু আৰ পি এফৰ ছি আই বি দলে কেবা কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল আৰু বাতৰিৰ শিৰোনামও দখল কৰিছিল।তাৰপিছতেও বন্ধ হোৱা নাই ড্ৰাগছ সৰবৰাহ।সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ৰেল যোগেদি চলাই আ্ছে ড্ৰাগছৰ বৃহত কাৰবাৰ।একপ্ৰকাৰ কব লাগিব ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই চলাই আ্ছে ড্ৰাগছৰ বৃহত কাৰবাৰ।যোৱা কালি তথা শুক্ৰবাৰে নিশাৰ ভাগত নামনিমুৱা 15909 নং অবধ আসাম এক্সপ্রেসত ৭৫ লাখ টকাৰ মূল্যৰ বুজন পৰিমাণৰ ড্ৰাগচ জব্দ কৰে ৰেল সুৰক্ষা বাহিনীয়ে।

লামডিং আৰ পি এফৰ ছি আই বি দলে নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ ট্ৰেইনখনৰ S3 ডবাত তালাচী চলাই জব্দ কৰে বৃহত পৰিমাণৰ ড্ৰাগছ।অভিযানত ৩২টা হেৰ’ইন ভৰ্তি সাবানৰ বাকচ জব্দ কৰে ৰেল সুৰক্ষা বাহিনীয়ে।জব্দ কৰা হেৰ’ইন খিনিৰ ওজন ৩৭২ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ৭৫ লাখ টকা বুলি জানিব দিয়ে।লামডিং আৰু হোজাই ষ্টেচনৰ মাজত ছি আই বি দলৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত দলটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।ৰেল সুৰক্ষা বাহিনীয়ে কোটি টকাৰ হেৰ’ইনখিনি জব্দ কৰি লামডিঙ ৰেল আৰক্ষীক সমজাই দিয়ে।

আনফালে লামডিঙ আৰক্ষীয়ে সন্ধিয়াৰ ভাগত লামডিঙ বাবুপট্টীত ৰেল কোৱাটাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৰেল কৰ্মচাৰী সহ এজন যুৱকক আটক কৰে।আটকাধিন ৰেল কৰ্মচাৰী নাম দিপক দাস উৰফে(ভূষণ) আন জনৰ নাম দ্বীপ হাজাৰি ঘৰ লামডিঙ নিউ কলনীত।তেওঁলোকৰ পৰা দুটা সাবানৰ বাকচ উদ্ধাৰ কৰে।দুটা সাবানৰ বাকচত প্ৰায় ২৮ গ্ৰাম ড্ৰাগছ।পূৰ্বেও ৰেল কৰ্মচাৰী দিপক দাসক লামডিঙ আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰি জেল হাজুলৈ প্ৰেৰণ কৰিছিল তাৰপিছতেও বন্ধ কৰা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা।লামডিঙত একাংশ যুৱপ্ৰজন্মৰ ভবিষ্যত ধ্বংসৰ পথত।বৰ্তমান একাংশ যুৱপ্ৰজন্ম মাৰাত্মক ড্ৰাগছৰ কবলত।লামডিঙৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ঘাটিত পৰিণত হৈ্ছে যদিও লামডিঙ আৰক্ষী অভিযান অব্যাহত ৰাখিছে।লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত চলাইছিল এই অভিযান।

Leave A Reply