Breaking

‘তেওঁ এজন ভাল ক্ৰিকেটাৰ, যদি এজন ভাল মানুহ হ’ল হয়’! মহম্মদ ছামীৰ বিষয়ে হাছিন জাহানৰ মন্তব্য…

0 588

আই চি চি বিশ্বকাপ ২০২৩: ভাৰত আৰু নিউজিলেণ্ডৰ ছেমি ফাইনেল মেচত ৭ টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এদিনীয়াত ইমানবোৰ উইকেট দখল কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় মহম্মদ ছামি। ইফালে সংবাদ মাধ্যমৰ সৈতে কথা পাতি পত্নী হাছিন জাহানে কয় যে তেওঁ এজন ভাল ক্ৰিকেটাৰ, তেওঁ এজন ভাল মানুহ হ’লে ভাল আছিল। লগতে ক’লে মোক ব্যক্তিগতভাৱে চিনি পোৱা সকলে জানে যে মোৰ বিষয়ে, মই, মোৰ ছোৱালী আৰু তেওঁ একেলগে ভাল জীৱন কটাব পৰা হ’লে কিমান ভাল হ’লহেঁতেন।’ লগতে হাছিন জাহানে কয়, তেওঁ আৰু ছামীৰ সম্পৰ্ক তেওঁৰ কেৰিয়াৰৰ সৈতে জড়িত হ’ব নালাগে কাৰণ তেওঁৰ এটা কেৰিয়াৰ আছে, যিটো তেওঁৰ ব্যক্তিগত জীৱনৰ সম্পৰ্কতকৈ সম্পূৰ্ণ পৃথক, অৰ্থাৎ মোৰ আৰু তেওঁৰ মাজত হোৱা বিবাদ তেওঁৰ কেৰিয়াৰৰ লগত কোনো সম্পৰ্ক নাই।

হাছিন জাহানে কয়, মোৰ বিষয়ে ইচ্ছাকৃতভাৱে নেতিবাচক কথা প্ৰচাৰ কৰা হয়। যাৰ লগত মই যুঁজি আছো তেওঁ আৰ্থিকভাৱে অতি শক্তিশালী। হাছিন জাহানে ক’লে যে মই সকলো আল্লাহৰ ওপৰত এৰি দিছো, এতিয়া যি হ’ব সেয়া দেখা যাব।

Leave A Reply