ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে সৰ্বকালৰ এক নতুন উচ্চতা স্পৰ্শ কৰিছে। ৭ জুনত সমাপ্ত হোৱা সপ্তাহটোত এই মুদ্ৰাৰ ভাণ্ডাৰ ৪.৩০৭ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৬৫৫.৮১৭ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিছে। এই ভাণ্ডাৰ দীৰ্ঘদিন ধৰি বৃদ্ধি হৈ আহিছে। সামগ্ৰিকভাৱে ২০২৪ চনত এতিয়ালৈকে এই ভাণ্ডাৰ ৩০ বিলিয়ন আমেৰিকান ডলাৰৰো অধিক বৃদ্ধি পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰা সম্পদ (foreign currency assets, FCA) হৈছে বৈদেশিক ভাণ্ডাৰৰ আটাইতকৈ ডাঙৰ উপাদান আৰু ই ৩.৭৭৩ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৫৭৬.৩৩৭ বিলিয়ন আমেৰিকান ডলাৰ হৈছে। সপ্তাহটোত সোণৰ ভাণ্ডাৰ ৪৮১ নিযুত আমেৰিকান ডলাৰ বৃদ্ধি হৈ ৫৬.৯৮২ বিলিয়ন আমেৰিকান ডলাৰ হৈছে।ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ এতিয়া প্ৰায় ১১ মাহৰ আনুমানিক আমদানি সামৰিবলৈ পৰ্যাপ্ত।

২০২৩ কেলেণ্ডাৰ বৰ্ষত আৰ বি আয়ে ইয়াৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰত প্ৰায় ৫৮ বিলিয়ন আমেৰিকান ডলাৰ যোগ দিছিল। ২০২২ চনত ভাৰতৰ বৈদেশিক ভাণ্ডাৰ ৭১ বিলিয়ন আমেৰিকান ডলাৰ হ্ৰাস পাইছিল। ফৰেক্স ৰিজাৰ্ভ বা বৈদেশিক মুদ্ৰা সংৰক্ষণ হৈছে এখন ৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক বা মুদ্ৰা কৰ্তৃপক্ষৰ হাতত থকা সম্পত্তি। ইয়াক সাধাৰণতে সংৰক্ষিত মুদ্ৰাত ৰখা হয়। ইয়াক সাধাৰণতে আমেৰিকান ডলাৰ আৰু কম পৰিমাণে ইউৰো, জাপানী য়েন আৰু পাউণ্ড ষ্টাৰ্লিঙত ৰখা হয়। দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে অন্তিমবাৰৰ বাবে ২০২১ চনৰ অক্টোবৰত সৰ্বকালৰ সৰ্বোচ্চ স্তৰ স্পৰ্শ কৰিছিল। তাৰ পিচত হোৱা বেছিভাগ হ্ৰাসৰ কাৰণ ২০২২ চনত আমদানিকৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে হ’ব পাৰে। লগতে ফৰেক্স ৰিজাৰ্ভৰ আপেক্ষিক হ্ৰাস সময়ে সময়ে বজাৰত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ হস্তক্ষেপৰ সৈতে সম্পৰ্কিত হ’ব পাৰে, যাতে আমেৰিকান ডলাৰৰ বৃদ্ধিৰ বিপৰীতে টকাৰ অসমান অৱমূল্যায়ন ৰক্ষা কৰিব পাৰি। সাধাৰণতে আৰ বি আয়ে সময়ে সময়ে টকাৰ তীব্ৰ মূল্য হ্ৰাস প্ৰতিহত কৰিবলৈ ডলাৰ বিক্ৰীকে ধৰি লিকুইডিটি ব্যৱস্থাপনাৰ জৰিয়তে বজাৰত হস্তক্ষেপ কৰে। আৰ বি আয়ে বৈদেশিক মুদ্ৰা বজাৰবোৰ অতি নিবিড়ভাৱে নিৰীক্ষণ কৰে আৰু কোনো পূৰ্বনিৰ্ধাৰিত লক্ষ্য স্তৰ বা বেণ্ডৰ প্ৰসংগ অবিহনে বিনিময় হাৰত অত্যধিক অস্থিৰতা নিয়ন্ত্ৰণ কৰি কেৱল সুশৃংখল বজাৰৰ পৰিস্থিতি বজাই ৰাখিবলৈহে হস্তক্ষেপ কৰে।