Breaking

২০২৪ ৰ লোকসভাৰ হাই ভল্টেজ নিৰ্বাচন। বাৰানসীত নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাব প্ৰিয়ংকা গান্ধীয়ে…

0 104

আগন্তুক লোকসভাৰ নিৰ্বাচনত আমেথিৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচন খেলাৰ বিপৰীতে বাৰানসীত প্ৰতিদ্বন্দিতা কৰিব প্ৰিয়ংকা গান্ধীয়ে। এই বিষয়ে ঘোষনা কৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ে। তেওঁ উল্লেখ কৰামতে মোদী উপাধি গোচৰত সাংসদ পদ হেৰোৱাৰ লগতে ৬ বছৰলৈ নিৰ্বাচন খেলাত আদালতে দিয়া ৰায় স্হগিতাদেশ জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে। লগে লগে নিৰ্বাচন খেলাৰ পথ মুকলি হোৱাত ৰাহুল গান্ধীয়ে আমেথিত নিৰ্বাচন খেলাৰ বিষয়ে অজয় ৰায়ে ঘোষনা কৰে। ২০১৯ বৰ্ষৰ নিৰ্বাচনত স্মৃতি ইৰাণীৰ হাতত ৫৫ হাজাৰৰ অধিক ভোটত ৰাহুল গান্ধীয়ে পৰাজয় স্বীকাৰ কৰিছিল।

অৱশ্যে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা ৰাহুল গান্ধী বিজয়ী হৈছিল। একেদৰে বাৰাণসীৰ পৰা নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচন খেলিছিল অজয় ৰায়ে। মোদীয়ে বৃহৎ ভোটৰ ব্যৱধানত ৰায়ক পৰাজিত কৰিছিল। অজয় ৰায়ে ঘোষনা কৰামতে আগন্তুক লোকসভাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে থিয় দিব প্ৰিয়ংকা গান্ধীয়ে। অবশ্যে আমেথিত বিজেপিয়ে কাক প্ৰক্ষেপ কৰে সেয়া নিশ্চিত হোৱা নাই। যদি ৰায়ে ঘোষনা কৰামতে নিৰ্বাচনী যুঁজ বাস্তবত হয় তেনেহলে দেশবাসীয়ে উপভোগ কৰিব পাৰিব এখন হাই ভল্টেজ নিৰ্বাচনী যুঁজ। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ ৰাইবাৰেলীৰ পৰা নিৰ্বাচিত ছোনীয়া গান্ধী বৰ্তমান সাংসদ হৈ আছে।

Leave A Reply