Breaking

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল চিমেন চাপৰিত আশাপ্ৰদ প্ৰদৰ্শন ! ছখন শিক্ষানুষ্ঠানত উত্তীৰ্ণ হাৰ ১০০ শতাংশ…

0 19

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আজি উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত চিমেন চাপৰিৰ বিভিন্ন শিক্ষানুষ্ঠানে আশাপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । আজি ঘোষিত ফলাফল অনুসৰি চিমেন চাপৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা ক’লা শাখাত অৱতীৰ্ণ হোৱা মুঠ ৬০২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৪৮৬ গৰাকী।ইয়াৰে প্ৰথম বিভাগত ৭৩ গৰাকী, দ্বিতীয় বিভাগত ৩০৬ গৰাকী আৰু ১০৭ গৰাকী  তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ হৈছে ৯৬.৮১ শতাংশ । আনহাতে চিমেন চাপৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ১২৬ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৯৬ গৰাকী আৰু দ্বিতীয় বিভাগত ৩০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ।

লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ১০০ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৬ গৰাকী, দ্বিতীয় বিভাগত ৬৬ গৰাকী আৰু তৃতীয় বিভাগত ২৩ গৰাকী উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ হৈছে ৯৫ %। তেলাম কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ৩০ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৭ গৰাকী, দ্বিতীয় বিভাগত ১৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪ গৰাকী । মহাবিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ হৈছে ১০০ শতাংশ । লাইমেকুৰী কনিষ্ঠ মহাবিদ্যালয়ৰ উত্তীৰ্ণ হাৰ হৈছে ১০০ শতাংশ ।লাইমেকুৰী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ১৮৬ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৪৫ গৰাকী, দ্বিতীয় বিভাগত ১৩৩ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৮ গৰাকী।  এশ শতাংশই উত্তীৰ্ণ হোৱা চিমেনমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা ৬৪ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত ৩২ গৰাকী আৰু দ্বিতীয় বিভাগত ২৭ গৰাকী উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ পৰা ৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। 

ডেকাপামস্থিত পশ্চিম জোনাই জ্যেষ্ঠ মাধ্যমিকবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ১৮৫ গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৩৮ গৰাকী, দ্বিতীয় বিভাগত ১৩১ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৪ গৰাকী । বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ হৈছে ৯৮.৯২ শতাংশ। ইপিনে  ডিমৌ চাৰিআলি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা ক’লা শাখাত অৱতীৰ্ণ হোৱা মুঠ ২৩৬  গৰাকী পৰীক্ষাৰ্থীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৭৬ গৰাকী, দ্বিতীয় বিভাগত ১৩১ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ২১ গৰাকী ।পৰীক্ষা কেন্দ্ৰটোৰ ক’লা শাখাৰ উত্তীৰ্ণ হাৰ হৈছে ৯৬.৬১ শতাংশ। আনহাতে ডিমৌ চাৰিআলি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ ১৪ গৰাকীৰ আটাইকেগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু বাণিজ্য শাখাত অৱতীৰ্ণ ৩১ গৰাকীৰ আটাইকেগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ইপিনে প্ৰথমবাৰ চিমেন চাপৰি উপেন্দ্ৰ নেশ্বনেল একাডেমীৰ পৰা বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা ১৫ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ৭ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে।উল্লেখযোগ্য যে চিমেন চাপৰিৰ আটাইকেখন শিক্ষানুষ্ঠানৰ পৰা যথেষ্ট সংখ্যক পৰীক্ষাৰ্থীয়ে কেবাখনো বিষয়ত লেটাৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

Leave A Reply