Breaking

টংলাৰ সন্তান হিমাংশু চহৰীয়াই চাইকেল চলাই ৪৮ ঘন্টাত সম্পূৰ্ণ কৰিলে ১৩শ কিলোমিটাৰ পথ

0 149

মাদক দ্ৰৱ্য নিৰ্মূলকৰণৰ জৰিয়তে এখন সুস্থিৰ সমাজ গঢ়াৰ লক্ষ্যৰে ওদালগুৰি জিলাৰ নিকটৱৰ্তী টংলাৰ বনগাঁও নিবাসী হিমাংশু চহৰীয়া নামৰ যুৱকজনে একক প্ৰচেষ্টাৰে এখন সাধাৰণ চাইকেলেৰে অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ গেটৰ পৰা কোচবিহাৰৰ ঐতিহাসিক মধূপুৰ সত্রলৈ প্ৰায় ১৩শ কিলোমিটাৰ পথ অবিৰতভাৱে চাকেইল চলাই ৪৮ ঘন্টাত সম্পূৰ্ণ কৰি এক অভিলেখ সৃষ্টি কৰে৷

ওদালগুৰি জিলাৰ লগতে টংলাৰ গৌৰৱ হিমাংশু চহৰীয়া (পাপু)য়ে ২৫ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৪ বজাত অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ গেটৰ পৰা যাত্ৰা আৰম্ভ কৰি কোচবিহাৰৰ ঐতিহাসিক মধূপুৰ সত্রলৈ অবিৰত চাকেইল চলাই ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৬-২০ বজাত অবিৰত যাত্রাৰ সফল সামৰণি পৰে।

২৮ ফেব্ৰুৱাৰীত টংলাত উপস্থিত হোৱাত দু:সাহসিক ক্ৰীড়াৰ প্ৰতি প্ৰৱল ধাউতি থকা হিমাংশুক বিভিন্ন দল-সংগঠন আৰু সচেতন ৰাইজে আদৰণি জনায়৷

এই উদ্দেশ্যে হেমন্ত বড়া কোচৰ সঞ্চালনাত টংলা সাহিত্য সভা ভৱনত অনুষ্ঠিত অভিনন্দন সভাত চাইকেলিষ্ট হিমাংশু চহৰীয়াক টংলা সাহিত্য সভা, এবছু, আছু, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি, টংলা আঞ্চলিক সমিতি, বিশিষ্ট সাংস্কৃতিককৰ্মী পাৰ্থপ্ৰতিম পাঠক, জমনি ক্ৰিয়েচন, আক্ৰাছুৰ সাধাৰণ সম্পাদক হেমন্ত বড়া কোচ, জুবিন গাৰ্গ ফেণ্ডছ ক্লাৱ, অমিত লস্কৰ বাগলাৰী, কাঞ্চন-২০২৩ বোলছবিৰ পৰিয়ালবৰ্গ আদিয়ে ফুলাম গামোছা, আৰনাই, আংছা আৰু জাপিৰে অভিনন্দন জনায়৷

পিছত হিমাংশু চহৰীয়াক সংগ দি তেওঁৰ গুণমুগ্ধসকলে টংলা নগৰত এটি সমদলো উলিয়ায়৷

Leave A Reply