গুৱাহাটী, ৯ মে’: HIMANTA BISWA GOVT 4TH ANNIVERSARY । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে শনিবাৰে (১০ মে’) চতুৰ্থ বৰ্ষত প্ৰৱেশ কৰিব। বিগত তিনি বছৰৰ দৰে এইবাৰো চৰকাৰে আনুষ্ঠানিকভাৱে বৰ্ষপূৰ্তি উদযাপন কৰাৰ সম্ভাৱনা থাকিলেও, দেশৰ সাম্প্ৰতিক স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে যিকোনো ধৰণৰ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সামাজিক মাধ্যমযোগে সদৰী কৰে যে, চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে কোনোধৰণৰ অনুষ্ঠান অনুষ্ঠিত নহ’ব, কেৱল এখন সংবাদমেলৰ জৰিয়তে তেওঁ ৰাজ্যবাসীক সম্বোধন কৰিব।
যদিও মুখ্যমন্ত্ৰীয়ে যুদ্ধৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা নাই, তথাপিও ভাৰত-পাকিস্তানৰ সীমান্তত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতিফলন চৰকাৰৰ এই সিদ্ধান্তত প্ৰৱলভাৱে প্ৰভাৱ পেলাইছে বুলি ধৰা হৈছে।
ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীয়ে ১০ মে’ৰ পৰা আগন্তুক সকলো বিহুৰ অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰিবলৈ বিহু আয়োজক সমিতিসমূহক অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰীৰ এই আহ্বানত সঁহাৰি জনাই ইতিমধ্যে বহু বিহু কমিটীয়ে নিজৰ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
এই সময়ত উৎসৱ নহয়, একতাৰ প্ৰয়োজন — এই মনোভাৱৰে ৰাজ্য চৰকাৰে এইবাৰ নিজৰ বৰ্ষপূৰ্তি বেলেগ ধৰণে পালন কৰিবলৈ বাচি লৈছে।