কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰ লেনদেন হৈছিল৷(Himanta Biswa Sarma) চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কাম কৰিছিল কংগ্ৰেছৰ শাসন কালত৷ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দি এই তথ্য দাঙি ধৰিছিল৷ সোমবাৰে তেজপুৰৰ দাঁতিকাষৰীয়া বিহগুৰিত পঞ্চায়তৰ নিৰ্বাচনী এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷
সাংবাদিকে গৌৰৱ গগৈ পাকিস্তানৰ লগত থকা সম্পৰ্কৰ সন্দৰ্ভত উত্থাপন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- প্ৰথমে প্ৰশ্নখিনি উত্থাপন কৰিছো৷ তেওঁৰ পৰা উত্তৰটো শুনি লওঁ৷ আমি প্ৰশ্ন কৰিছো তেওঁ এই পৰ্যন্ত তেওঁ উত্তৰ দিয়া নাই৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছে তেওঁ উত্তৰ দিয়া নাই৷ আমি আশা কৰিছো প্ৰশ্নসমূহৰ উত্তৰ সোনকালেই দিব৷ যদি গৌৰৱ গগৈয়ে প্ৰশ্নৰ উত্তৰ নিদিয়ে তেন্তে চৰকাৰে মাতি আনি সুধিব৷ আপুনি এপেক্স বেংকৰ সন্দৰ্ভত উত্তৰ দিয়া নাই বুলি কংগ্ৰেছে কোৱাৰ সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় – এপেক্স বেংক আৰু পাকিস্তান একেই নেকি? পাকিস্তান আৰু আফগানিস্তান একে হ’ব পাৰে৷ পাকিস্তান আৰু চীনৰ সম্পৰ্ক একে হ’ব পাৰে, কিন্তু এপেক্স বেংকৰ লগত পাকিস্তান একেই নহয়৷ ইপিনে নিৰ্বাচনৰ পিছতে ৰন্ধন গেছৰ প্ৰতিটোৰ দাম ৩০০ টকাকৈ কমিব বুলি সাংবাদিকক জানিব দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া ৰন্ধন গেছৰ মূল্য ৯৫০ টকা কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পিছত ইয়াৰ মূল্য হ্ৰাস পাই ৬৫০ টকা হ’ব৷
বিহগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ১৫ বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিল, তৰুণ গগৈ ১৫ বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল৷ ১৫ বছৰ দীঘলীয়া সময়ত কংগ্ৰেছে অসমৰ বাবে কি কৰিছিল? ১৫ বছৰ শাসনত থকাৰ পিছতে কংগ্ৰেছে এখনো আঁচনি ৰাইজক দিব পৰা নাছিল৷ কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনিও নাছিল, নিযুত মইনাৰ আঁচনিও নাছিল৷ কংগ্ৰেছৰ শাসনৰ দিনত চৰকাৰী চাকৰি লাখ লাখ টকাত কিনিব লাগিছিল৷ কংগ্ৰেছৰ দিনত যি অংগনৱাড়ী কেন্দ্ৰ বনাইছিল পাৰ চৰাই এটাও তেনেকুৱা অংগনৱাড়ী কেন্দ্ৰত সোমাব নোৱাৰিছিল৷ কংগ্ৰেছৰ দিনত কেৱল প্তটা আঁচনিহে আছিল– লুঙী, ধুতী, কম্বল, সূতা আৰু আঁঠুৱা৷ সেয়েহে আমি কওঁ- কংগ্ৰেছে হাতৰ ছবি বাদ দি লুঙীৰ ছবিত এতিয়া নিৰ্বাচন খেলক৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ অপশাসন ব্যাখ্যা কৰি ভাষণ প্ৰসংগত কয় যে- কংগ্ৰেছ চৰকাৰৰ শাসনকালত অংগনৱাড়ী কৰ্মীক চাকৰি দিয়াৰ নামত পইচা তুলিলে৷ এচিএছ, এপিএছৰ চাকৰি দিয়াৰ নামত পইচা তুলিলে৷
কেৱল কংগ্ৰেছৰ দিনত দুৰ্নীতি-অপশাসনৰ চৰকাৰ চলিছিল৷ নিৰ্বাচনী সভাখনত নিজৰ চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে- অহা ১০ মে’ত মোৰ চৰকাৰৰ চাৰিটা বছৰ সম্পূৰ্ণ হ’ব৷ এই চাৰিটা বছৰত আমাৰ ৰাজ্যখনলৈ কিমান পৰিৱৰ্তন আহিল সেয়া অসমৰ ৰাইজে দেখিছে৷ আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, ২০২১ত প্ৰত্যেক সমষ্টিতে ১৬ হাজাৰকৈ মহিলাক অৰুণোদয় আঁচনি দিছিলো৷ আগন্তুক দিনত ৩৮ হাজাৰৰ পৰা ৪০ হাজাৰ প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় আঁচনি দিয়া হ’ব৷ যাতে কোনো দৰিদ্ৰ মহিলা বাদ পৰি নাযায়৷ ইপিনে শোণিতপুৰ জিলাৰ প্তটা সমষ্টিত তেজপুৰ, বৰছলা, ঢেকীয়াজুলি, ৰঙাপৰা আৰু নদুৱাৰৰ সুকীয়াকৈ উক্ত ৪০ হাজাৰৰ উপৰি চ্ছ্ৰ হাজাৰকৈ অৰুণোদয় আঁচনি বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাখনত ৰাজহুৱাভাৱে ঘোষণা কৰে৷
আনহাতে, মহাবিদ্যালয়ৰ বিনামূলীয়া নামভতিৰ্কৰণৰ ইনকাম চাৰ্টিফিকেটকে ধৰি বাকী একো তথ্যই নালাগে কেৱল ৰেচন কাৰ্ডখন হ’লেই হ’ব বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে, কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত নিৰ্বাচনী প্ৰচাৰ সভাখনত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী অশোক সিংহল, বিধায়ক গণেশ কুমাৰ লিম্বু, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভাই অংশগ্ৰহণ কৰে৷